বান্ধোনে উশাহক সাবটি ধৰিলে
নিশাহে হুমুনিয়াহৰ বাট বোলে।
মুক্ত হোৱাৰ হেঁপাহ কাৰ বাৰু নাই!!
এদিন শুনিছিলোঁ,
সজাৰ পখীজনীৰ সুমধুৰ গীত।
কিয় যে বাজি উঠিছিল মৰমৰ ক্ৰুৰতাত
এক কৰুণ সুৰ .....!!
যেতিয়া বিমূৰ্ত আকাশৰ বুকুত
সঘনে মোৰ হৃদয় উঠা নমা কৰে,
সেই কৰুণ সুৰে মোক আজিও খেদে।
তেনেতে, নীলাভ আকাশৰ বুকুত পখী কলেবৰৰ
কল্লোল শুনি মূৰ তুলি চালোঁ
এয়াচোন মুক্ত হৃদয়ৰ তেজৰ ধ্বনি
চুমি গৈছে দেহ মন অক্লান্ত কৰি......!
বুজিলোঁ,
ভৰিৰ শিকলি চিঙিলে আগুৱাব পাৰি।
মনৰ শিকলি জানোঁ সোলোকাব পাৰি,
যদিহে গুণ্ গুণাই নাবাজে মুক্ত মনৰ ধ্বনি!!
✍নিহাল গগৈ
শিৱসাগৰ