অসহায়-জহিৰুল ইছলাম

©Admin
0
মাটি বিক্ৰী , ধাৰ কৰা টকা লগতে এহাল মৰম লগা বলদ বিক্ৰীৰ টকাই যেন মোৰ জীৱনৰ বাবে এম,এ, পাছ কৰা চাৰ্টিফিকেটখনক স্বীকৃতি দিয়াৰ একমাত্ৰ আধাৰ হৈ ধৰা দিছিল । যদিও সেয়া দেউতাৰ বাবে কষ্টকৰ আছিল  তথাপি সন্তান প্ৰতিষ্ঠাৰ সংগ্ৰামত হাৰ মনা নাছিল তিলমানো । যেন কৰিব নোৱাৰা কাম একোৱেই নাছিল  । কলেজত চাকৰি, যাৰে তাৰে ভাগ্যত জানো জোটে ! কোনোবাই সুধিলে , ল'ৰাজন কলেজৰ প্ৰফেছাৰ বুলি উত্তৰ দি আত্মতৃপ্তি লভা মই বহুবাৰ দেখিছিলোঁ । কিন্তু নিয়তিৰ কি যে পৰিহাস, দেউতা গুচি যোৱাৰ আজি সাত বছৰ উকলি গ'ল ।

                স্বাভাৱিকতে ঘৰৰ ডাঙৰ ল'ৰা হিচাপে দায়িত্ব বহুত । ডাঙৰ হোৱাটোও যেন অপৰাধ । মাকৰ সামান্য পেন্সনৰ মাননি ভাইটিৰ পঢ়াৰ খৰচতে শেষ তাৰোপৰি ভণ্টিৰ বিয়াত ডিঙিত দিবলগা মালা আৰু দুজন ভাইটিৰ যোৱা সাত বছৰত বিবাহ অনুষ্ঠান সমাধা কৰা মোৰ বাবে আছিল এক ডাঙৰ প্ৰত্যাহ্বান । তথাপি সকলো যেন ভালে ভালেই পাৰ হ'ল ।

               আজি নিজকে মূল্যায়ন কৰাৰ সময় । দ-ঠাই যিদৰে পথাৰৰ পানীখিনিৰ শেষ আশ্ৰয় । ঠিক মোৰ অৱস্থাও তাৰ ব্যতিক্ৰম নহয় । কেতিয়াবা জীৱনটো হৈ পৰে নিমিলা অংক। 
               
           টকা - পইচাই জীৱনৰ বাবে যেন সৰ্বস্ব । শিক্ষাগত অৰ্হতা হৈছে শৰীৰত পিন্ধা অলংকাৰ । যিদৰে অলংকাৰে নাৰী দেহৰ সৌন্দৰ্য্য বৃদ্ধি কৰে  সৃষ্টি কৰিব নোৱাৰে ঠিক যেন ব্যতিক্ৰম নহয় এইক্ষেত্ৰতো । সমাজত অৱহেলিত , লাঞ্চিত , বঞ্চিত আৰু অৱজ্ঞাৰ এক বিকট চিঞৰ যেন এই বেকাৰ জীৱন ।

                 কলেজখন চৰকাৰীকৰণ হ'ল কিন্তু চাকৰি নহ'ল , মোৰ দৰে হেজাৰজনৰ । নিমিষতে যেন তচ্-নচ্ হৈ গ'ল সপোনৰ পঁজাটো । আন দহজনৰ দৰেই কলেজৰ কৰ্ম ব্যস্ততা , কিন্তু মাহৰ শেষত মাননি হিচাপে মোনাত উঠি আহে  এবুকু যন্ত্ৰণা আৰু হতাশাৰ এখন ব'ব নোৱাৰা দলিল । সিহঁতৰ ল'ৰা - ছোৱালীক সমাজত ডাঙৰ মানুহ হিচাপে গঢ় দিবলৈ প্ৰতিমাহে খৰচ কৰিছে হেজাৰ হেজাৰ টকা , চহৰৰ উন্নত প্ৰতিষ্ঠান সিহঁতৰ বাবে এতিয়া কল্পচিত্ৰৰ বাস্তৱ ধাৰাপাঠ ,আৰু  মই / আমি নিজৰ সন্তানক এৰি দিছোঁ নিয়তিৰ হাতত । কিয়বা নিদিম /নিদিব ? পাঁচ টকাৰ চিপছ  আৰু স্মাৰ্ট জেল কলম এডাল কিনি দিব নোৱাৰা প্ৰফেছাৰজনৰ বাবে জানো তাতকৈ ব্যতিক্ৰম চিন্তা কৰাৰ সুযোগ আছে ? উৎসৱ - পাৰ্বনত ভাল এযোৰ কাপোৰ কিনি দিব বিচৰা মানেই কেৱল অলীক কল্পনা নহয়, নিজৰ ওপৰত অসহায়ৰ ছুৰীকাঘাতো । এইবোৰ শুনি হয়তো হাঁহিব আনৰ লগতে আপুনিও , কিন্তু এয়াই বাস্তৱ ।
                
                ঘৈণীয়েকৰ হাস্যোজ্বল মুখত নিৰাশাৰ ডাৱৰ ,আইৰ কষ্টজৰ্জৰিত হুমুনিয়াহ ,ভাইটি - ভণ্টিৰ অৱজ্ঞা , আৰু সন্তানৰ অপুৰণ চাহিদাই খুটি-খুটি খাইছে অবিৰাম অবিৰত । তথাপিও হাঁহিছোঁ আনক সন্তুষ্টি কৰিব পৰাকৈ । কাৰণ অসহায় । সুখ দিব নোৱাৰিলেও কষ্ট দিয়াৰ অধিকাৰ জানো আছে কাৰোবাৰ ? মোক ক্ষমা কৰিবি তহঁত । তহঁতক সুখী কৰা মোৰো ইচ্ছা আছিল কিন্তু নোৱাৰিম হয়তো । কাৰণ -------! ক্ষমা কৰিবিনে ? পাৰিলে কৰিবিচোন অনিচ্ছা সত্বেও ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)