দানৱ-শিখাজ্যোতি বৰা

       দেউতাকৰ মৃত্যুৰ পিছত ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ গৰাকী প্ৰিয়াই টিউচন কৰি ঘূৰি অহা পথত হঠাৎ অহা এজাক বৰষুণে তাইৰ সম্পূৰ্ণ শৰীৰ তিয়াই থৈ যায় ৷ সেই নিজান পথটিত অহা বৰষুণ জাকৰ সুযোগ লৈ তাইৰ কাষ চাপি আহিছিল দুজন সুৰামত্ত যুৱক৷ যুৱক দুজনে তাইক অতি লোভনীয় দৃষ্টিৰে চাইছিল৷ আৰু ক্ৰমে তাই শৰীৰৰ তিতা কাপোৰবোৰ টনা-আজোৰা কৰি ফালি পেলাইছিল৷তাই পলাবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল৷লাহে লাহে তাইৰ ওপৰত সিহঁতৰ অত্যাচাৰ বাঢ়ি গৈছিল৷তাই জীয়াই থকাৰ সকলো আশা-ভৰসা সেই নিজান পথটিতে ত্যাগ কৰিছিল৷তাই মনতে উপলব্ধি কৰিছিল যে, ছোৱালীবোৰ এই পৃথিৱীত যেন ভোগৰ বস্তুহে হৈ পৰিছে সিহঁতৰ বাবে৷ তাই চিঞৰি চিঞৰি ক'বলৈ চেষ্টা কৰিছিল - তহঁত মানুহ নহয়, তহঁত আচলতে মানুহ ৰূপী দানৱ হয় দানৱ!

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send