একাঁজলী বিৰহ(খণ্ড নং -৯)-বিটুমনি ভূঞা কোছ

©Admin
0
  মানুহৰ তেজমঙহৰ সম্পৰ্কতকৈ আন্তৰিক আৰু বিবেকৰ সম্পৰ্কৰ মূল্য বেছি।প্ৰেম আৰু দ্বন্দ্বৰ মাজত এগৰাকী নাৰী শক্তিশালী হৈ পৰে। মাতৃত্ব আৰু অফুৰন্ত জাগি উঠা প্ৰেমে তগৰক সুখী কৰিলে।

মাক- বাপেক ,ভায়েক-ভনীয়েক গুছি যোৱাৰ পিছত ঘৰখন নিমাও-মাও হ'ল। তাই ভাবিলে, এই ঘৰখনত শাহুৰ লগত এজন কাম কৰা মানুহ।শহুৰ  ঘৰত প্ৰায় নাথাকেই, ম'হৰ খুটিতেই থাকে।তেনেস্থলত তাইক  মাকৰ ঘৰলৈ পঠিয়াই দিবলৈ ইমান উদ্‌বাউল কিয়?

যিকোনো মুহূৰ্তত অপবাদ এটা তাইৰ ওপৰত জাপি দিব পৰাকৈ তাইৰ শাহুৰ গাত থকা গুণটোৰ কথা জানিও তাই সেই দিনবোৰলৈ ভ্ৰক্ষেপ নকৰি জুইৰ মাজত এঙাৰ হৈ থাকিব বিচাৰিছে।

কথাবোৰ ভাবি ভাবি তাই ঘৰৰ পাছফালৰ পুখুৰীত চৰি থকা হাঁহ - পোৱালি কেইটা চাই আছিল। ক'ৰবাৰ পৰা ঢোৰা কাউৰী এজনী আহি হাঁহৰ পোৱালিলৈ চোঁচা মাৰি আহিল। তগৰে সো-সোকৈ খেদি গ'ল। কাউৰীজনী উৰি গ'ল, কিন্তু তগৰে দৌৰি যাওঁতে উজুতি খাই হামখুৰি খাই পৰিল। তাই বেয়াকৈ দুখ  পাই কেকাই উঠিল।

ইফালে শাহুৱেকে তগৰৰ ওচৰলৈ সপোনত অহা কথাটো তগৰৰ মুখত শুনি পুতেকলৈ মনত পৰি
বিচনাতে পৰি আছিল। তগৰৰ মাতত মানুহজনী দৌৰি আহি, বোৱাৰীয়েকক দাঙি ধৰিলে।

এইবাৰ  মোৰ নাতিটো খাম বুলি ভাবিছ। কাউৰীয়ে হাঁহ পোৱালি এটা নিলে নিয়ক।গাত লেঠা থকা মানুহজনী কিয় দৌৰিব লাগে।

শাহুয়েকৰ গাত ধৰি এখোজ দুখোজকৈ বিচনালৈ বুলি আগবঢ়া তগৰে, শাহুয়েকলৈ চাই ক'লে, আই আপুনি মোক বৰ ভাল পায়। শাহুয়েকৰ গাত ধৰি এখোজ-দুখোজকৈ ভিতৰলৈ সোমাই যোৱা বোৱাৰীক দেখি ৰাম ভাই কি হ'ল, কি হ'ল বুলি উধাতু খাই আহিল। 
তগৰৰ শাহুয়েকৰ ধমকিত সি নিজৰ কামত লাগিলগৈ।

        তগৰৰ  পেটত প্ৰচণ্ডভাৱে বিষ হৈছে। দুদিনলৈ বিচনাৰ পৰা উঠিব নোৱাৰা তগৰক ফাঁকি দি শুই থকা বুলি ভবা শাহুয়েকক দ্বিতীয় বাৰলৈ মিছা মাতিবলৈ লৈ তগৰৰ বেয়া লাগিল, যদিও নিজৰ লগতে সন্তানটোৰ কথা ভাবি মিছা মাতিলে।

          আই কালি ৰাতি তেওঁ আহি ডাক্তৰৰ ওচৰলৈ যোৱা কথা ক'লে । কথাষাৰ শুনি শাহুৱেক ৰৈ নাথাকিল, কোবা-কুবিকৈ ঘৰৰ পৰা ওলাই গ'ল।

        এটা সময়ত ৰণৰ লগত ডাক্তৰ আহিল। ভালকৈ চাই , এটাই পৰামৰ্শ দিলে, যিমানেই সোনকালে পাৰে চহৰৰ ভাল মেডিকেলত  ভৰ্তি কৰাই দিয়ক। পেটত থকা সন্তানে দুখ পাইছে।

     ৰাতিলৈ তগৰৰ শহুৰেক আহি, পুৱাই বোৱাৰীয়েকক চহৰলৈ পঠিয়ালে। তগৰৰ লগত শাহুৱেক আৰু ৰণ ওলাল। চহৰৰ ভাল ডাক্তৰে তগৰক পৰীক্ষা-নিৰীক্ষা কৰি ঔষধ দিলে। দুদিনলৈ চিত দিলে। এই দুদিন ৰণৰ সান্নিধ্যত তাই বিষটো যেন উপশম ঘটিছে। শাহুৱেকে অলপ আঁতৰি  মানুহ এজনীৰ লগত কথা পাতি আছে। ৰণে তাইৰ কাষত বহি লৈ ক'লে, নিজকে আৰু নিজৰ সন্তানটো ৰক্ষা কৰিবলৈ শিকিবা। সিহঁতৰ 
 গতি বিধি আঁতৰৰ পৰাই লক্ষ্য কৰি থকা শাহুৱেক দৌৰি আহিল। এই কেইদিন ৰণ আৰু তাই শাহুৱেকৰ ব্যস্ততা আৰু চিন্তাক্লিষ্ট মুখ কেইখন দেখি তগৰ অবাক হ'ল।

      তিনিদিনৰ পাছত তগৰক ঘৰলৈ যাবলৈ অনুমতি দিলে।ডাক্তৰে ঔষধ দিয়াৰ লগতে তিনিমাহ তাই অতি সাৱধানে থাকিব লাগিব বুলি পৰামৰ্শ দিলে। শাহুৱেকৰ মহা চিন্তা হ'ল। বহুৱাই বহুৱাই তাইক ৰাখিবলৈ হ'লে, ঘৰৰ কাম কোনে কৰিব।
বৰমাকৰ মনৰ ভাৱ বুজিব পাৰি ৰণে মাত লগালে, বৰমা বৌক মাকৰ ঘৰলৈ পঠিয়াই দিলে ভাল হ'ব।

      মানুহজনী চিঞৰি উঠিল, নাই নাই তাইক মাকৰ ঘৰলৈ পঠিয়ালে বাপুৰ আত্মাই শান্তি নাপাব।

তগৰে লাহেকৈ মাত লগালে , সপোনত তেওঁ আহি মোক কৈছিল, আই পিতাইক এৰি নাযাবা।

ৰণে মুখটিপি হাঁহিলে।(আগলৈ,,,,,,,।)
      
✍️বিটুমনি ভূঞা কোছ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)