নীলিম আকাশৰ বুকুত লুকাই আছিল ৰামধেনুৰ সাত ৰং , যৌৱনৰ ৰঙবোৰো সময় বালিত বিলীন হ'ব খোজোতে আকাশৰ নীলাবোৰে নিগৰাইছিল প্ৰেমৰ মালিতা ।
প্ৰেমৰ ৰাগিত বলিছিল অচিনা বা
সেই নীলাবোৰে বৰষুণ হৈ ,
বিচাৰি ফুৰিছিল ধৰিত্ৰী
বুকুলৈ সোমোৱা বাট ।
য'ত ৰচিছিল প্ৰকৃতিৰ অপূৰ্ব সৌন্দৰ্যৰ ৰং ।
তোমাক দেখাৰে পৰা আশা
পদূলিত ফুলে সাতোৰঙৰ সুগন্ধি ফুল ।
আশা-নিৰশাৰ মাজেৰে
বাট বুলিছিলোঁ বহু দূৰ...
যৌৱনৰ বেলাত ,
বুকুত এধানি সপোন লৈ
তুমি আহি জ্বলালাহি ,
মোৰ হিয়াত এগচি চাকি ।
তোমাৰ প্ৰেৰণাই দেখুৱাইছিল
জীৱনৰ অলেখ সপোন ,
দিগন্তহীন সাগৰৰ দৰে গভীৰ হ'ব তোমাৰ মোৰ আজন্ম প্ৰেম ।
মই চাইছিলো বিশাল আকাশলৈ ,
আকাশৰ দৰেই গভীৰ আছিল তোমাৰ মোৰ প্ৰেম ।
প্ৰেমৰ ৰাগিতেই সাঁতুৰিলো
জীৱন নদীত...
বিচাৰি ফুৰিছোঁ জীৱন নদীৰ ঘাট ।
ৰাতিৰ তৰাবুলীয়া আকাশত জ্বলে অচিনাকি শিখা ।
জীৱন যুঁজত আমি দুয়ো
হৈ পৰিলো বিৰামহীন যাত্ৰী ।
ডাৱৰৰ মাজে মাজে লুকা-ভাকু
খেলি থকা জোন আৰু বেলিৰ আভাবোৰৰ দৰে...
বৰ্ণময়ী জীৱনৰ হাঁহি-কান্দোনৰ
অভিমানৰ খেল ।
সেউজীয়া মোহনাত
তুমি আৰু মই ,
বুকুত সপোন ৰচি ,
ভাৰ ভৰিব নোৱাৰা পালতৰা
নাৱৰ অবাধ অহা-যোৱা ।
জনসমুদ্ৰত হৰা-জিকা মেৰপাকত ,
কান্দি কান্দি হাঁহিবলৈ শিকিলোঁ ,
হাৰি হাৰি বিজয়ৰ সপোন ৰচিছোঁ
যাতে যুঁজিব পাৰোঁ এই বিশাল নীলিম আকাশৰ তলত ,
ক্ষুদ্ৰতম পৰুৱাই জীৱন যুঁজত দেখুওৱা সংগ্ৰামৰ দৰে...
✍🏻নীভা লয়িং
পাণবজাৰ, গুৱাহাটী-০১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ