জ্ঞানৰ দাতা শিক্ষা গুৰু-সুমন্ত নায়ক

পংখী মৰাণ
0
হে জ্ঞানৰ দাতা 
শিক্ষা গুৰু তুমি দিলা , 
অমূল্য অৱদান । 

এই প্ৰতিষ্ঠিত জীৱনত 
তোমাৰ মহান জ্ঞান , 
মোৰ বাবে চিৰস্মৰণীয় , 
তুমি শিকালা অমূল্য শিক্ষাৰ বাণী    

মানুহ হোৱাৰ চেতনা স্বৰূপ 
শ্ৰেষ্ঠ ভগৱান বুলি 
তোমাকেই জানো । 
সৎ কৰ্মত সন্মতি আৰু 
অসৎ কৰ্মত বাধা দি 
শিক্ষাৰ পোহৰ দিলা তুমি । 
  
গুৰু তুমি সকলোৰে আপোন , 
তোমাৰ সুশিক্ষাৰে শিক্ষিত সমাজ
মোৰ লক্ষ্যত গৌৰৱময়ী গুৰু ।
তোমাৰ শিক্ষা-দীক্ষাই 
মোৰ অন্তৰে-অন্তৰে দি যায় , 
লালন-পালনৰ আদেশ-উপদেশ । 

সকলো কৰিম পালন , 
গুৰু তুমি নিৰ্মল পোহৰৰ 
অজ্ঞতাৰ সংগী । 
জ্ঞানৰ ধ্রুৱ তৰা স্বৰূপ ,
এন্ধাৰ হেৰাই গ'লে , 
পোহৰৰ পৰা দেখুৱাই দিয়া ,
উজ্জ্বল নক্ষত্ৰৰ জ্ঞান ।

তোমাৰ চৰণত শৰণ লৈ আগবাঢ়িলো 
মহান মানৱতাৰ জ্ঞান । 
এখন সুস্থ-সবল নতুন 
পৃথিৱী সৃষ্টিৰ আশাত ,
সমুজ্জ্বল , নীলা আকাশৰ সৈতে চন্দ্ৰ , সূৰ্য্য আৰু বায়ুক সাক্ষী কৰি ল'লোঁ , 
সশ্ৰদ্ধ প্ৰণাম জনাই 
আহৰণ কৰোঁ তোমাৰ জ্ঞান ।

এই জ্ঞানে মোক
এদিন দি যাব শ্ৰেষ্ঠ ধ্যান ,
মানৱ জ্ঞান , 
ধন্য পৰম পূজ্য 
গুৰু । 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)