আত্মজ ভাষা
প্ৰত্যাশাৰ শেতেলীত মৰহা ভাৱৰ
মেতমৰা সম্ভাৰ
দিনবোৰ পাৰ হ'লেও
ৰাতিবোৰ সংগোপনে আগবাঢ়ে।
পদূলি মুখৰ বকুলজোপাত
শালিকীৰ সুৱাগী সপোনৰ ভৰ
নিয়ৰ তিতা দূৱৰিত
এপলক স্বপ্নৰ বুৰবুৰণি।
এনেকৈয়ে দিন আগবাঢ়ে
জীৱনে ন কৈ হাঁহে
প্ৰতিলিপি আঁকে অতীতে
সাঁচ ৰাখে বৰ্তমানে
খোজ পেলাই ভৱিষ্যতৰ দিশে
পল অনুপলকৈ।
✍️ প্ৰিয়ংকা চমুৱা