মা- চিন্ময় ডেকা

তুমিয়েই মোৰ
সৃষ্টিৰ এনাজৰীৰ
জন্মদাতৃ মাতৃ।।
দুবাহুত, মনৰ নিজানত
আছে, অযুত আন্তৰিকতাৰ,
উষ্ম ভাৱাপন্ন শলিতাৰ আবেগ এধানি।
নাজানোঁ মা!
তোমাৰ সুখে, আজি মন মোৰ উতনুৱা,
কৰেহি মোৰ হৃদয়ত মতলীয়া।
সংগোপনে হিয়া-ঢেঁকুৰী জাতিষ্কাৰ এই জগত খনি
তুমি থাকিবা সদায়!
মোৰ হৃদয়ৰ গোপন কলিজাত
জীৱনৰ অন্তিমটো ক্ষণলৈ,
উচ্চ-আকাংক্ষাৰ দি;
সৌহার্দ্যপূর্ণ মনোবৃত্তিৰে প্ৰেৰণা দিবলৈ।।
থাকিবা সদায় তুমি,মা
শেঁতা পৰা মোৰ কোমল কলিজাত
বিপদত এধানি মৰম, 
আৰু আৰ্শীবাদৰ সঁহাৰি দিবলৈ;
তোমাৰ অভাজনক, তুমি মৰমৰ আই।।
তোমাৰ মৰম, আকলুৱা নিবিড় সময়বোৰ
মোৰ দুবাহুত সঞ্চিত মাথোঁ আজি!
পাহৰণিৰ গৰ্ভত ম্লান পৰিবলৈ নিদিওঁ কাহিনী;
মোৰ মৰমৰ জন্মদাতৃ আই।
ইহ:লোকত থাকিবা সদায়, মোক জীৱনত প্ৰেৰণা যোগায়।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send