শৰৎ আহিল শেৱালিৰ পাহত,শৰৎ আহিল পখীৰ মাতত-প্ৰিয়ংকা চমুৱা

©Admin
0
  শৰৎ আৰু শেৱালি, পখীৰ কলৰৱত উদুলি-মুদুলি হেঁপাহৰ পদূলি। শৰৎ মানেই যেন এক আপোন ভাৱ, আনন্দ আৰু হেঁপাহৰ অনন্য ৰাগ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে: শৰতৰ সমান নাই সুখ কাল হৰে দুখ অনুক্ৰমে।  ঋতুৰাণী শৰৎ আৰু শৰতৰ নৈসৰ্গিক শোভাত পৃথিৱীৰ অমিয়া ৰূপ ফুটি উঠে শান্ত-স্নিগ্ধ ৰূপত। শেৱালিৰ গোন্ধই আগলি বতৰা দি যোৱা সময়ত বালিমাহী চৰাইজনীয়ে চোতালে চোতালে নাচি নাচি চিঠি বিলায় শৰতৰ। কবি  হীৰেণ ভট্টাচাৰ্যই  লেখি গৈছে এফাকি কবিতা-
সুবিমল ঋতু শৰৎ সকলোৰে আদৰৰ৷ শৰতৰ আগমনে দেহ মন প্ৰফুল্ল কৰে৷ গ্ৰীষ্ম - বৰ্ষাৰ উৎকট গৰমৰ পৰা দেহ আৰু মনৰ ক্লান্তি দূৰ কৰি মনটোক সতেজ কৰি ৰখাত সহায় কৰে একমাত্ৰ শৰতে ৷ কবিয়ে শৰত কালৰ ৰাতিৰ বিতোপন জোনাকৰ বৰ্ণনা দাঙি ধৰিছে,
“শৰত কালৰ ৰাতি
অতি বিতোপন
ৰাস ক্ৰীড়া কৰিতে
কৃষ্ণৰ ভৈল মন”

     শৰতৰ পৱিত্ৰ শেৱালিৰ গোন্ধে চৌদিশ আমোলমোলাই ৰাখে৷ বিষাদ- বেদনাবোৰ পাহৰি মানুহ আত্মাহাৰা হয়৷ কবি সকল হৈ পৰে কল্পনা প্ৰৱণ৷ 

    এই শৰততেই শক্তিৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা অৰ্চনা কৰি ভক্তই আশীৰ্বাদ গ্ৰহণ কৰে৷ দুষ্টক দমনৰ জৰিয়তে অসুৰ নিধনৰ দৃষ্টান্ত দাঙি ধৰিছে মহীয়সী দেৱীয়ে৷

“যা দেৱী সৰ্ব ভূতেষু
শক্তি ৰূপেন সংস্থিতা,
নমস্তসৈ নমস্তসৈ নমস্তসৈ
নমো নমঃ”

   এই সকলো বিলাক শৰতৰে অৱদান৷
আনহাতে বৃহৎ নদীদ্বীপ মাজুলীবাসীয়ে শৰত কালতেই মহা পয়োভৰেৰে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আয়োজন কৰে৷ শ্ৰীকৃষ্ণ আৰু গোপিনী সৱৰ ঐশিক প্ৰেমৰ জৰিয়তে ভক্তিৰসৰ সঞ্চাৰ কৰিবলৈ সক্ষম হয়৷ গীত,বাদ্য, ছন্দ নৃত্য আৰু অভিনয়ৰ জৰিয়তে এটি অপূৰ্ব পৰিৱেশৰ সৃষ্টি হয় ৷ সত্ৰ নগৰী মাজুলীবাসীয়ে অসমীয়া সংস্কৃতিৰ পৰম্পৰা ৰক্ষা কৰি আহিছে ৷ আমাৰ বাবে এই পৰম্পৰা আশীৰ্বাদ স্বৰূপ৷

        আমাৰ ৰাজ্য অসমৰ অন্যান্য সত্ৰ আৰু নামঘৰ আদিতো ৰাস উৎসৱ উদযাপন কৰা হয় ভক্তপ্ৰাণ ৰাইজৰ প্ৰচেষ্টাত৷ শৰতৰ অৱদান সৰ্ব্বজন স্বীকৃত আৰু মানসিক শক্তি সঞ্চাৰৰ বাবে এক প্ৰয়োজনীয় উপাদান৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো আৱিৰ্ভাৱ ঘটিছিল এই ঐশ্বৰিক ঋতু শৰতকালতেই ৷ ১৩৭১ শকৰ(ইংৰাজী১৪৪৯ চনৰ) আহিন মাহৰ পাঁচ তাৰিখ শুক্ৰবাৰে শুক্লা দশমী তিথিত আলিপুখুৰী গাঁৱত এই মহান পুৰুষগৰাকীৰ আৱিৰ্ভাৱ ঘটিছিল৷ শংকৰদেৱক তুলি-তালি ডাঙৰ- দীঘল কৰিছিল আইতাক খেৰসূতীয়ে৷ সৰু কালচোৱা উমলি- জামলিয়েই কটাইছিল ৷ প্ৰায় বাৰ বছৰ বয়সতহে মহেন্দ্ৰ কন্দলি দেৱৰ টোলত অধ্যয়ন আৰম্ভ কৰে৷ ছাত্ৰ অৱস্থাত তেওঁ প্ৰখৰ বুদ্ধিৰ পৰিচয় দিব পাৰিছিল৷ ক- ফলা শিকিয়েই আ- কাৰ উ- কাৰ নথকা কবিতাটি লিখি উলিয়াইছিল৷
“কৰতল কমল কমল দল নয়ন৷
ভৱদৱ গহন গহন বন শয়ন৷ ৷"

      বিভিন্ন উৎসৱ পাৰ্বনেৰে ভৰপূৰ শৰত দূৰ্গা পূজাৰে আৰম্ভ হৈ শংকৰ জন্মোৎসৱ, মহালয়া, লক্ষ্মীপূজা, কাতি বিহু, দীপাৱলী, চট পৃজাৰ মাজেৰে গৈ ৰাস পূৰ্ণিমাত সামৰণি পৰে। শৰত কালতে আত্মা পৰমাত্মা মিলনৰ পূৰ্ণ সুযোগ আহে। ঋতুৰাণী  শৰতৰ নিৰ্মল আকাশৰ জোনজনীৰ এমুখ হাঁহি আৰু প্ৰকৃতিৰ বুকুৰ শ্যামলী গহীন সাজে সদ্যস্নাতা নাৰীৰ দৰে পৃথিৱীৰ ৰূপত ৰহণ সানে। শৰতৰ পূৰ্ণিমাত বাঁহীৰ সুৰে হৃদয়ত খুন্দিয়াই আনন্দৰ অসুখ মেলে। আমি নিজকে নিজে পাহৰি যাওঁ যেন লাগে।

       শৰতক লৈ সদাব্যস্ত  বিশেষকৈ কবি আৰু গীতিকাৰ সকল।  দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই শৰতৰ বিতোপন চন্দ্ৰাৱলী ৰাত্ৰিয়ে যমুনাৰ ৰূপোৱালী বালিত ৰাসক্ৰীড়া কৰিছিল। মহাপুৰুষ শংকৰদেৱেও কীৰ্তনক এক মন-প্ৰাণ হৰণ কৰা আকৰ্ষণ বৰ্ণনা বিবিধ চিত্ৰময় বৰ্ণনাৰে বৰ্ণিল কৰি তুলিছে।

     শৰতৰ বিশেষ  সৌন্দৰ্যই সকলো অনুভৱী আৰু  কবিৰে  হৃদয়ত ভাৱৰ আৰু কবিতাৰ জোৱাৰ তোলে।শিল্পীয়ে গাই গৈছে- “শাৰদী ৰাণী তোমাৰ হেনো নাম”। কবি যতীন্দ্ৰ নাথ দুৱৰা, ৰঘুনাথ চৌধুৰী, শৈলধৰ ৰাজখোৱা, নলিনীবালা দেৱী, গণেশ গগৈ, নীলমনি ফুকন, বিনন্দ চন্দ্ৰ বৰুৱা, হীৰেণ ভট্টাচাৰ্যকে আদি সকলো প্ৰখ্যাত  কবিয়ে শৰতক লৈ অনুভৱ ব্যক্ত কৰি গৈছে। শৰতৰ অসীম ৰূপৰ তুলনা নাই । ই মাথোঁ সকলোৰে হৃদয়ত কেৱল মাত্ৰ দি যায়  অপূৰ্ব স্মৃতিৰ একো একোটা মূহুৰ্ত। এই স্মৃতিবোৰ লৈয়ে আমি জীয়াই থাকিব লাগিব, পাৰ কৰিব লাগিব জীৱনৰ প্ৰতিটো দিন। বৰ্তমান অপশক্তিৰ বিৰুদ্ধে শুভশক্তিৰ জয়গান, শুদ্ধচিত্তে এখন সুখৰ পৃথিৱী গঢ়াৰ আৰ্শীবাদ আমি এই দুৰ্গা -মাঁ ৰ ওচৰতেই ল’ব লাগিব। সি যি নহওক, শৰতৰ বাহ্যিক দৃশ্য  আকৰ্ষণীয় হ’লেও আমি প্ৰত্যেকেই আধ্যাত্মিক উৎকৰ্ষ সাধনত ব্ৰতী হ’লেহে শৰতৰ  গুৰুত্ব সদায় বাঢ়িব। নহ’লে ইয়াৰ ইতিবাচক কথাবোৰ পাহৰণিৰ সোঁতত মিলি যাব।

 ✍️প্ৰিয়ংকা চমুৱা
      ঢকুৱাখনা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)