জীৱনৰ সৰ্বস্ব অনুষ্ঠান"কলাবাৰী মহাবিদ্যালয়"-মিন্টু হাজৰিকা

অসমীয়া সাহিত্যৰ চানেকি
0
অঞ্চলবাসী ৰাইজৰ উচ্চশিক্ষাৰ প্ৰধান প্ৰাণকেন্দ্ৰ স্বৰূপ অনুষ্ঠান- "কলাবাৰী মহাবিদ্যালয়"। বিশেষকৈ আমাৰ দৰে দুখীয়া শ্ৰেণীৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এইখন মহাবিদ্যালয়েই শেষ ভৰসা । মোৰ জীৱনত ৰেখাপাত কৰা আৰু অন্তৰত চাৰিও দিশৰ পৰা উন্মেষ জাগৃত হোৱা প্ৰেক্ষা লাভৰ সৰ্বশ্ৰেষ্ঠ অনুষ্ঠান এইখন।

মই পিছে এই মহাবিদ্যালয়ত পঢ়িবলৈ সৌভাগ্য লাভ কৰিছিলোঁ জীৱনলৈ অহা এক অনাকাঙ্ক্ষিত পৰিৱেশৰ বাবে। তেতিয়া মই "অসম আৰক্ষীৰ অনাতাঁৰ বিভাগ"ৰ কৰ্মচাৰী । চাকৰি সূত্ৰে তেতিয়া মোৰ কৰ্মস্থান আছিল মাজুলী "নয়াবজাৰ পি পি"ত। হায়াৰ ছেকেণ্ডেৰী পাছ হোৱা বাবে কেতিয়াবা নিজকে কোনো ঠাইত দুৰ্বল দুৰ্বল অনুভৱ কৰোঁ । মনতে গণি-পিটি সিদ্ধান্ত ল'লো এইবাৰ বি এ মহলাত নাম লগাব লাগিব। অৱশ্যে এই আশা পূৰণ কৰাৰ বাবে ইয়াৰ অঙ্কুৰণ আগতে দুবাৰ হৈছিল। এবাৰ ছয়দুৱাৰ মহাবিদ্যালয়ত ২০০৩ বৰ্ষত‌ নাম লগাইছিলোঁ আৰু আনবাৰ ২০০৮ বৰ্ষত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ । পিছে প্ৰথম বাৰ অসম চৰকাৰৰ মিজোৰামৰ ৰিপানচ্‌ত পাৰামেডিকেলত পঢ়াৰ সুযোগ পোৱাৰ বাবে আৰু দ্বিতীয়বাৰ বৰ্তমান কৰ্মৰত চাকৰিত যোগ দিবলগীয়া হোৱাৰ বাবে দুয়োবাৰেই এই অধ্যায় আধাতে সামৰিবলগীয়াত পৰিছিলোঁ ।

ভবা মতেই কাম আৰম্ভ হ'ল। মা-দেউতায়ে এই কথা জানি  বহু উৎসাহেৰে এই ৰাস্তাত খোজ দিয়াৰ কথা ক'লে। ময়ো এই সুযোগতে তৃতীয়বাৰৰ বাবে কলাবাৰী মহাবিদ্যালয়ত নাম লগাই মনৰ আশা পূৰণ কৰি বি এ ডিগ্ৰী লোৱাৰ সপোন দেখো। লগে লগে এই কলেজৰ কেৰাণী বসন্ত বৰাক মায়ে ফোনযোগে কথাটো অৱগত কৰে। তেখেতে একে আশাৰে নামভৰ্তি কৰিব পাৰিব বুলি কৈ বিদ্যালয় এৰাৰ পৰা মাজৰ সময়ছোৱাত ক'ত কি কৰি আছিল তাৰ ক'ৰ্ট এফিডেফিট এটা কৰি মোৰ দুখন পাচপৰ্ট ফটো আৰু অৰিজিনেল চাৰ্টিফিকেটৰ প্ৰতিলিপি একপিকৈ দিবলৈ ক'লে। ইয়াতে উল্লেখযোগ্য যে এই বসন্ত বৰা মোৰ মাৰ সম্বন্ধত ভতিজা হোৱাৰ সূত্ৰে দাদা হয় যদিও সৰুৰে পৰা মামা বুলি মতাৰ সুৱাদতে আজিও মামা বুলিয়ে সম্বোধন ধৰো ।

মা-দেউতাই যথাসময়ত  ডকুমেন্ট কেইপদ যোগাৰ কৰি মামা কলেজলৈ আহ-যাহ কৰোঁতে আমাৰ ঘৰত সোমাই লৈ যাবলৈ ক'লে। মামাইয়ো পেহীয়েকৰ কথা দৃঢ়ভাৱে পালন কৰিবৰ বাবে আমাৰ ঘৰত সোমাই লাগতিয়াল বস্তকেইপদ আৰু হিচাপৰ টকাকেইটা নি নামভৰ্তি কামটো পূৰ্ণ কৰি দিছিল। অৰ্থাৎ মই কোনো কষ্ট নকৰাকেই একমাত্ৰ মামা আৰু মা-দেউতাৰ প্ৰত্যক্ষ সহযোগিতাত বি এ মহলাত নামভৰ্তি কৰিছিলোঁ। অৰ্থাৎ ২০১৩ চনত স্নাতক মহলাৰ  কলা শাখাত নামভৰ্তি কৰোঁ । ব্যস্ততাৰ বাবে মই কোনো বৰ্ষতে ক্লাছ কৰা নাছিলোঁ যদিও ৰেগুলাৰ ছাত্ৰ হিচাপেই মোক পৰীক্ষা দিয়াৰ সুবিধা কৰি দিছিল। কলেজ কৰ্তৃপক্ষই ক্লাছ নকৰাকৈ পৰীক্ষা দিয়াৰ সুবিধা কৰি দিয়াৰ বাবে ময়ো আজৰি পোৱা সময়কণ এনেই এৰি দিয়া নাছিলোঁ । হয়টো কলেজত গৈ ক্লাছ কৰি পৰীক্ষা দিয়া ছাত্ৰ-ছাত্ৰীতকৈ কোনো গুণে কমকৈ পঢ়া নাছিলোঁ । সেই সুবাদতে নেকি কলেজৰ প্ৰত্যেক বৰ্ষৰ ভাল ৰিজাল্টৰ বিশেষ শাৰীত মোৰ নামটো অন্তৰ্ভুক্ত হৈছিল। অৱশ্যে এই সংবাদ মামাৰ পৰাই মা- দেউতাই লাভ কৰিছিল।

পাঠক ৰাইজে হয়তো ভাবিব পাৰে মই চাকৰিৰ প্ৰমোচনৰ বাবেহে এই অধ্যায়ত হাত দিছোঁ বুলি। সেইটো যদি ভাবিছে এশ শতাংশই ভুল বুজিছে। কাৰণ আমাৰ বিভাগত পদোন্নতিৰ বাবে সুকীয়া সুকীয়া বিভাগীয় পৰীক্ষা হয়। তাত পাছ কৰিলেহে পদোন্নতিৰ পথ সুচল হ'ব। নহ'লে হামিয়াই বেলেগলৈ চাই থকাৰ বাহিৰে গত্যন্তৰ নাই।

এই মহাবিদ্যালয়টো বিএ মহলাৰ প্ৰথম বৰ্ষ ভালদৰেই কোনো অসুবিধা নোহোৱাকৈ পাৰ কৰিছিলোঁ । কিন্তু আন কেইবাৰৰ দৰে দ্বিতীয় বৰ্ষত এইবাৰো কেনা লগা আৰম্ভ হ'ল। বি এ মহলাৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষা দিয়া বৰ্ষত এম পি ইলেকচন হৈছিল। ইলেকচনৰ দিনটোতে আমাৰ পৰীক্ষা হোৱা বাবে বৰ বিমোৰত পৰিছিলোঁ ।  ইমান কষ্টৰে পৰীক্ষাৰ বাবে সাজু হৈ জানোচা পৰীক্ষাত বহিব নোৱাৰিম সেই ভয়ে খুলি খাইছিল । সেয়ে এই বিষয়ে মই মোৰ সহকৰ্মী দাদা গকুল কলিতাক কৈছিলোঁ । দাদা কথাটো বৰ মন দি শুনি নিজেই আগ ভাগ লৈ যোৰহাটৰ ডি এছ পি, দক্ষিণ সংমণ্ডলৰ মেধী চাৰক অৱগত কৰি পৰীক্ষাত বহাৰ সুবিধা কৰি দিছিল। তেখেত সকলৰ সহানুভূতিৰ বাবেই সেইবছৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিছিলোঁ  আৰু কলেজৰ ভিতৰত সেই বছৰো এক বিশেষ স্থান পাবলৈ সক্ষম হৈছিলোঁ । তেখেত দুজনৰ আৰ্শীবাদৰ বাবেই মোৰ এটা বছৰ লচ হোৱাৰ পৰা হাত সাৰিছিলোঁ।

বি এ মহলাৰ তৃতীয় বৰ্ষটো কেনা লগা স্বভাৱটোৱে মোক এৰি দিয়া নাছিল। মাজে মাজে মনটোত ভাব হৈছিল এইবাৰো এই অধ্যায় ইয়াতে সামৰিব লাগিব যেন অনুভৱ কৰিছিলোঁ । কাৰণ তৃতীয় বৰ্ষত মই বিভাগীয় পৰীক্ষা ৰেডিঅ' মেকানিকৰ নমহীয়া প্ৰশিক্ষণ ল'বলৈ গুৱাহাটী জালুকবাৰীৰ অনাতাঁৰ প্ৰশিক্ষণ বিদ্যালয়লৈ যাব লগা হৈছিল । 

আনহাতে বি এ মহলাত তৃতীয় বৰ্ষত মেজৰ হিচাপে গুৰু বিষয় নথকা বাবে পাচ কৰ্চৰ দুদিন দুবেলা পৰীক্ষা বাকী ৰৈ গৈছিল। অধ্যয়ন তাৰ মাজতে চালু ৰাখিছিলোঁ । কিন্তু উক্ত প্ৰশিক্ষণ আৰু বি এ মহলাৰ পৰীক্ষাৰ সময় প্ৰায় একেলেঠাৰিয়ে পৰাত পুনৰ এবাৰ বিপাঙত পৰিছিলোঁ । অৱশেষত ভগৱানে সহায় কৰাৰ লগতে প্ৰশিক্ষণ বিদ্যালয়ৰ ইন্সপেক্টৰ  চাংকাকতি ছাৰে মোক পৰীক্ষা দিয়াৰ বাবে বাট দেখুৱালে। চাৰে প্ৰশিক্ষণৰ মাজতে পৰীক্ষা দিবলৈ পঠালে। পৰীক্ষা দিবৰ বাবে ৰাতিটো উজাগৰে ঠিয় হৈ বাছত আহি ৰাতিপুৱা পাই  দুইবেলা পৰীক্ষা দি পুনৰ পৰীক্ষাৰ অন্তত গুৱাহাটী প্ৰশিক্ষণ বিদ্যালয়লৈ ৰাতি বাছত ৰাওনা হওঁ। সেই দিনাও ঠিয় হৈয়ে বাছত গৈছিলোঁ । কাৰণ সেই সময়ছোৱা ব'হাগ বিহুৰ সময় আছিল বাবে বাছবোৰত মানুহে ঠাহ খাই ঘৰমূৱা হৈছিল। মই সেই দিনাই ওভতাৰ কাৰণ নথকা নহয়। কাৰণ পাছ দিনাৰ পৰাই আমাৰ প্ৰশিক্ষণৰ  ফাইনেল পৰীক্ষা আৰম্ভ হ'ব। সেয়ে ছাৰে কৈ পঠাইছিল যাতে ৰাতি যেইটাতে নাপাওহি লাগে ছাৰলৈ তেতিয়াই ফোন কৰিব কৈছিল। কিয়নো তেওঁ মোক পৰীক্ষা দিয়াৰ সুবিধা কৰি দিছিল হয় , কিন্তু পাছদিনা পৰীক্ষাত মই নাপালেহি তেখেতৰ যে চাকৰিত যথেষ্ট অসুবিধা হ'ব সেই কথা বাৰে বাৰে মোক কৈ পঠাইছিল । মই তেখেতৰ সেই সন্মান ৰক্ষাৰ বাবে আৰু মই পৰীক্ষাত বহা দুয়োটা উদ্দেশ্যৰ বাবে ঘূৰি আহি ৰাতি চাৰক তিনিবজাত ফোন কৰি জনাইছিলোঁ । তেখেতেও সাহ পাইছিল। যিমান নহ'লেও তেখেতৰ ওপৰতো তো এজন মানুহ আছে। সেয়ে তেখেতে মই ফোন কৰি খবৰ দিয়াত বৰ ভাল পাইছিল।

প্ৰশিক্ষণ বিদ্যালয় পায়েই মুখ-হাত ধুই , দাড়ি কাটি দুদিন উজাগৰে থকা টোপনি চকুত লৈ পুনৰ মই পৰীক্ষাৰ বাবে অনিচ্ছাস্বত্বেও ৰয়েল ড্ৰেছজোৰ শৰীৰত সুমুৱাই দিছিলোঁ । যথা সময়ত পৰীক্ষা দি ব্ৰেক পাইছিলোঁ । ব্ৰেক পাই মোলৈ দুদিন ধৰি অপেক্ষাৰে বাট চাই থকা বিছনা খনত শৰীৰটো এৰি দিয়াৰ লগে লগে মোক আন এখন দেশলৈ লৈ গ'ল। ময়ো সেই দেশত শান্তিৰে বিচৰণ কৰিলোঁ ।

এনেকৈয়ে ভগৱান আৰু ভিন্ন শুভাকাংক্ষীৰ কৃপা লগতে মোৰ অধ্যৱসায় মনটোৰ বাবে
২০১৫ চনত স্নাতক মহলাৰ  কলা শাখাত কলেজৰ ভিতৰতে বিশেষস্থান লৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হ'লোঁ। কিন্তু বিভাগীয় উক্ত পৰীক্ষাটোত কিছু হেনা-হোচাৰ পৰিৱেশে বিৰাজ কৰে যদিও যথাসময়ত সেইটোতো সফলতাৰ মুখ দেখো। এক কথাত স্নাতক ডিগ্ৰী লাভৰ লগতে একেলগে কৰ্মস্থলীৰ তৃতীয় গ্ৰেড প্ৰশিক্ষণটোৰো সফল সমাপ্তি ঘটিল। এটা বহুবাৰ চেষ্টা কৰি হৈ নুঠা কামৰ ওৰ পৰিল।

বিএ পাছ কৰাৰ পাছত এইবাৰ মন উফৰিল স্নাতকোত্তৰ হ'বৰ বাবে। বসন্ত বৰা মামাৰ মুখেৰে শুনিবলৈ পালো এই মহাবিদ্যালয়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মুক্ত শিক্ষাৰ প্ৰতিস্থান (IDOL)ৰ এটা চেন্টাৰ আছে । গতিকে ইয়াতে স্নাতকোত্তৰ ডিগ্ৰী পঢ়াৰ কথা ক'লে। কথাটো শুনি স্নাতকোত্তৰ মহলাৰ অসমীয়া বিভাগৰ সাহিত্য শাখাত এডমিচনৰ বাবে ডিগ্ৰী মহলাৰ দৰে এইবাৰো একেই পন্থা অৱলম্বন কৰা হ'ল। মূহুৰ্ততে কিতাপ আৰু এডমিচন হৈ গৈছিল। ৰেফাৰেঞ্চ বুকৰ বাবে ডাঙৰ দাদাই ডিগ্ৰী পঢ়োতে অসমীয়া মেজৰত লোৱা কিতাপ বোৰেই হৈ গৈছিল। মাত্ৰ মই পঢ়িবহে লাগে। মই পঢ়োতে স্নাতকোত্তৰ মহলাৰ পৰীক্ষাবোৰ চেমিষ্টাৰ হৈছিল। মুঠ চাৰিটা চেমিষ্টাৰত স্নাতকোত্তৰ মহলাৰ পৰীক্ষাবোৰ সামৰা হৈছিল ।

অতি আনন্দৰে আজি ক'ব পাৰিছোঁ যে ডিগ্ৰী মহলাৰ কেনাবোৰ শেষ হোৱাৰ পাছত স্নাতকোত্তৰ পৰীক্ষাত এবাৰো  ক'তো কেনা লগা নাছিল। সুন্দৰ ভাবেই পৰীক্ষাবোৰ পাৰ হৈছিল। ইয়াৰ বাবে মোৰ সহকৰ্মী গকুল কলিতা দাদাৰ নাম একমুখে স্বীকৃতি দিব লাগিব। তেওঁ মোৰ পৰীক্ষাৰ সময়ছোৱাত মোৰ ডিউটীবোৰো  মূৰপাতি লৈ একাণপতীয়াকৈ পৰীক্ষা দিবলৈ এৰি দিয়াৰ বাবেহে মোৰ পৰীক্ষা দিয়াৰ পথ সুচল হৈছিল। আনহাতে বসন্ত বৰা মামাৰ কথা ক'বলৈ গ'লে একে আষাৰতে এটাই ক'ব লাগিব যে পৰীক্ষাৰ তিনিঘন্টা উত্তৰবহীত মই লিখাৰ বাহিৰে এডমিছনৰ পৰা পৰীক্ষাৰ তাৰিখ , কেতিয়া হ'ব আদি খবৰ জনোৱা এই সকলো বিলাক কাম  মামাই সূচাৰু ৰূপে আগতীয়াকৈ  কৰি প্ৰত্যক্ষ ভাবে সহায় কৰিছিল। ইয়াৰ সমভাৱে সহায় কৰিছিল -প্ৰশান্ত দাস, বিমান বৰা, প্ৰবক্তা সকলে।

চাকৰিৰ মাজতে মহাবিদ্যালয়ৰ পৰীক্ষাবোৰ দিয়াৰ পাছত উত্তীৰ্ণ হোৱাৰ অন্তত স্নাতকোত্তৰ মহলাত নাম লগাই পৰীক্ষাবোৰ দি এটা বৰ আমেজ লগা অভিজ্ঞতাৰ অনুভৱ কৰিব পাৰিছিলোঁ । অৱশ্যে এই কথাটো পাঠকে মোৰ চৰকাৰী চাকৰি আছে বাবে অহংকাৰ কৰা বুলি ভাবিলে মই কথাটো কোৱাৰ সাৰ্থকতা নহ'ব। প্ৰথম  দিনা পৰীক্ষাৰ অন্তত বাহিৰলৈ ওলাই আহি হায়াৰ ছেকেণ্ডাৰীত পঢ়োতে লগ পোৱা এজন মোতকৈ একবেষ্ট তলৰ ল'ৰাক দেখা পাইছিলোঁ । তাক লগ কৰাৰ মানসেৰে বৰ উৎসুকতাৰে ওচৰ চাপি গৈ খা-খবৰ লৈছিলোঁ । সি তেতিয়া একো নকৰে ( মানে কৰ্ম সংস্থাপন) বুলি তাৰ মুখেৰেই গম পালোঁ । লগতে কথা পাতি থকা সময়ত এটা ডাঙৰ ডিচপ্লে থকা এনড্ৰয়ড মোবাই হাতত লৈ অন্যমনষ্ক হৈ কাৰোবাৰ লগত নেটত ব্যস্ত হৈ আছিল। তাৰ তেনে আচৰণ দেখি মই তাৰ সময় অপব্যয় নকৰি তাৰ ওচৰৰ পৰা ঘূৰি আহি ঘৰলৈ ওভতাৰ কথা চিন্তা কৰি মই মোৰ তেনেই সস্তীয়া দুচকীয়া মটৰ বাহন খনৰ ওচৰলৈ আহিলোঁ । তেনেতে তালৈ লক্ষ্য কৰি দেখিলোঁ সি ইতিমধ্যে এখন বিলাসী গাড়ীত উঠি মোক ধূলি খুৱাই পাৰ হৈ গুচি গৈছে। তাৰ চৌখিনতা দেখি বিভিন্ন প্ৰশ্নই বাহ লৈছিল। সি একো নকৰাকে কেনেকৈ ইমান সুন্দৰ ভাবে জীৱন পৰিচালনা কৰিব পাৰে? পাছত তাক চিনি পোৱা এজনক কথাটো সুধি গম পালো ঘৰৰ একমাত্ৰ সন্তান সি হেনো হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোতেই এজনী গোটাইলৈ চাকৰিয়াল মাক-দেউতাকৰ মূৰত কঠাল ভাঙি এনেদৰে সুন্দৰ জীৱন অতিবাহিত কৰিছে। 

তাৰ পাছৰ দেওবাৰে হোৱা পৰীক্ষাবোৰ দিবলৈ গৈ আন কেইজন মানৰ লগত চিনাকি হৈ গম পালোঁ তেওঁলোকৰো উপাৰ্জনৰ পথ সেই মোৰ তলৰ বেষ্টৰ জুনিয়ৰ ল'ৰা জনৰ দৰেই। কিন্তু বৰ স্বচ্ছল অৱস্থাত জীৱন অতিবাহিত কৰি আছে। তাৰ বিপৰীতে নিজে উপাৰ্জন কৰা কেইটাৰ অৱস্থা দেখি আৰু মোৰ নিজলৈ চায়েই হাঁহি উঠি গ'ল।কিয়নো সেই সময়ত মোৰ ফাপৰে খোৱা গাঁৱৰ চুবুৰীত থকা কুকুৰ কেইজনীলৈ মনত পৰি গৈছিল। সিঁহতে অজানিতে মাক হৈ পোৱালি জন্ম দি খাদ্যৰ অভাৱত অলৈ-তলৈ বনাই ফুৰি মাকৰ দায়িত্ব পালন কৰাৰ স্বাৰ্থত খাদ্যৰ সন্ধান কৰিবলৈ যাওঁতে অন্য পাহুৱাল কুকুৰৰ পৰা থাপ মাৰি অলপ  হ'লেও খাদ্য আনিবলৈ সিঁহতে কত যে কষ্ট কৰি যন্ত্ৰণাৰ সন্মুখীন হ'ব লগাত পৰে। আনহে নালাগে সন্তানৰ কথা ভাবি নিজেই নোখোৱাকৈ থাকিবলগীয়া হয়। ঠিক তেনেদৰে নিজে উপাৰ্জন কৰা কেইজনেও ঘৰৰ পৰিয়ালৰ সকলোৰে দুখ-বিপৰ্জয় মূৰপাতি লৈ কেকো-জেকোকৈ জীয়াই থাকি নিজৰ চৌখিনতালৈ পিঠি দি আনৰ আনন্দত মূৰ সুমুৱাই পৰে। যাৰ বাবে কৰ্মসংস্থাপন আৰু উপাৰ্জন নথকা কেইটাৰ হাতত সকলো বস্তুৰে আটোম-টোকাৰিকৈ লাভ কৰি চৌখিনতাই ৰাজ সুখ অনুভৱ কৰে। তাৰ বিপৰীতে নিজে উপাৰ্জন কৰা কেইটাই  ক্ষয় যোৱা বুটাম থকা সতাম পুৰুষীয়া মোবাইল এটা, ভৰিত ক্ষয় গৈ মাটিত লিপিত খাই পৰা জোটা বা চেণ্ডেল এযোৰ, পৰিপাটি সস্তীয়া এযোৰ কাপোৰ আৰু সময়ত খৰকৈ গৈ পাব পৰা যেনে তেনে চলিব পৰা এখন বাহন লৈয়ে জীৱন অতিবাহিত কৰে। গতিকে নিজে উপাৰ্জন কৰা বোৰে যে এনেই দহ টকা এটাও চৌখিনতাত খৰচ কৰি উৰুৱাব নোৱাৰে তাক নিজ চকুৰে দেখি পোৱা অভিজ্ঞতাৰ পৰাই পালোঁ । এইটো মোৰ নিজস্ব অভিজ্ঞতাহে।সকলোৰে ক্ষেত্ৰত মোৰ দৰে একে অভিজ্ঞতা নহ'বও পাৰে।



স্নাতকোত্তৰ পৰীক্ষা সময়ত একেবাৰে ওচৰ চপা বন্ধু-বান্ধৱী সকল হ'ল- তৃষ্ণা বৰা, ৰূপা মহন্ত, হেম মুদৈ, আদি।

এই বিদ্যালয়ত অধ্যয়ন কৰা সম্পূৰ্ণ পাঁচ বছৰকাল মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সময় আছিল। ইয়াতে মই মোৰ মহাজীৱনৰ তাৎপৰ্য্য উপলব্ধি কৰিছিলোঁ। সমগ্ৰ জীৱনৰ বাবে মই যথেষ্ট বিষয়, অনেক কথা শিকিবলৈ সুবিধা পাইছিলোঁ। ডিগ্ৰী লাভৰ বাবে কঠোৰ পৰিশ্ৰম, একাগ্ৰতা আৰু যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগীয়া হৈছিল। মই জীৱনত অৱশ্যে কোনো দিন ভাগ্যক ধিয়াই থকা নাই আৰু মোক সহায়ো কৰা নাই। কিন্তু এটা কথা ঠিক, কষ্ট, ত্যাগ আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়িলে প্ৰত্যেকটো কামতে মোৰ সফলতা অহাটো খাটাং হৈ পৰে। সেয়ে মই যিকোনো কাম কৰাৰ আগতে এই তিনিটা মূল মন্ত্ৰকে সাৰথি হিচাপে লওঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)