তোমাক জীয়াই ৰাখিব আজীৱন
কবিৰ প্ৰতিটো কবিতাৰ পংক্তিৰ মাজত,
কেতিয়াবা বিভোৰিত হৈ চাবা চোন
কবিৰ দুবাহুৰ মাজত,
তেতিয়া নিজকেই বিচাৰি পাবা
এই কবিৰ প্ৰতিটো কবিতাৰ আঁৰত।
এইযে তোমাৰ অভিমানবোৰ,
এই যে তোমাৰ খংবোৰ
কবিতাৰ মাজেৰে শেষ কৰি দিব,
এবাৰ পৰিতো চোৱা কবিৰ প্ৰেমত
হৃদয়ত ৰাখি তোমাক কবিতাত সাঁচিব।।