মুক্ত হৈ সকলোৰে মন উন্মুক্ত হৈ উৰিল।।
কবিৰ মনত উঠিল কবিতাৰ উজান।
শাৰদীয় জোনাকত কত
প্ৰেমীৰ মনত উঠিল প্ৰেমৰ জোৱাৰ।।
স্নিগ্ধ আকাশত শুকুলা ডাৱৰে
কত খেল খেলে,
কিন্ত....
আনৰ মন প্ৰাণ সুখী কৰা
শেৱালি ফুলৰ বিষাদ কিমান
কোনে বাৰু জানে??
বেদনাৰো যন্ত্ৰণা থাকে...
ৰাতিয়ে ফুলি পুৱাৰ আগতে
সৰা শেৱালিয়ে জানে যন্ত্ৰণা কি??
দুৱৰীৰ দলিছাত নিয়ৰৰ টোপাল
কিমান সময় মুকুতা হৈ জিলিকে..?
সূৰ্যৰ তাপতে চোন নিয়ৰ লুকালে।
আনক হহুৱাবলৈ চোন নিজেই কান্দে।
ৰাতিয়ে ফুলি পুৱাৰ আগতে সৰা
শেৱালিৰ বিষাদ আছে..
সূৰ্যৰ তাপতে নিয়ৰৰ মুকুতা লুকালে।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ