অৰ্ধ আকাশ-আশ্ৰিফা ইয়াছমিন

©Admin
0
নাহৰৰ নিৰিবিলি ছাঁ
অপেক্ষাৰত এটি নিৰ্জন দুপৰীয়া
এটি চিনাকি মনৰ বাবে,
এটি চিনাকি সময়ত।
সম্পৰ্কৰ এক মধুৰ লালিতানুভূতি 
বিশ্বাসৰ এক নিভাঁজ সাগৰ
অনুভূতিৰ এক সপোন ,
যেন বৰষুণ।
নিয়তিৰ বুকুত হ'লগৈ
স্মৃতিৰ ভগা দলং,
এখন উৱলি যোৱা চাদৰ,
আৱেগৰ উত্তাল জোৱাৰ,
হৃদয়ৰ ভাষাত,
অৰ্ধ আকাশ।

✍️আশ্ৰিফা ইয়াছমিন
জিলা: মৰিগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)