আজিও মনত পৰে।
মুক্ত আকাশৰ , আন্ধাৰৰ বুকু ফালি
জিলমিলাই হাঁহি দিয়া সেই তৰাৰ শাৰীটি
তাতেই আকৌ জাক পাতি গ্ৰীষ্মৰ মলয়াৰ লগত গুণ গুণাই যোৱা
শেৱালিৰ জাকটো ...উফ্ কি যে নীলিম নিশা!
মই চিঞৰি চিঞৰি সুধিছিলোঁ নিমাত আকাশৰ কাণত ,সেই এটি তৰাৰ সদৃশ্য জোনাকীক
কাঢ়ি ল'লা মোৰ সুখ ,মোৰ গান
মোৰ নিদ্ৰা
অস মইও এজন মানুহ
কিয় ভাঙি নিলা মোৰ প্ৰেমৰ কবিতা
আৰু জানা নে সেইটোয়ে আছিল মোৰ শেষ নিশা
আজি মইও এজন প্ৰেমিকৰ প্ৰিয় বন্ধু সেই যে জিল্ মিলাই থকা তৰাৰ জাকটো তাৰে এটি মই....
✍️শেষৰ মৰাং
বৰটিকা , গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ