সম্পাদকীয়- ২০২১ ছেপ্তেম্বৰ মাহৰ সংখ্যা -ভাদমাহ বিশেষ

Rinku Rajowar
0
আজি নামঘৰত   শিলা বৰষিলে অ'
         নুশুনি প্ৰজাৰে মাত,
পালি প্ৰহৰীয়া    সবে নিদ্ৰা গৈলা
         উপজিলা জগন্নাথ।
                ভাদমাহ এক আধ্যাত্মিক মাহ। এই পবিত্ৰ মাহটোতেই আমাৰ দুজনা গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি লগতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বৰ উলহ-মালহেৰে উদ্ যাপন কৰা হয়। ডবা,কাঁহ,মৃদংগ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে অসমীয়া জাতীয় জীৱনৰ পবিত্ৰ ঠাই নামঘৰৰ চৌপাশ। হালুৱা,বনোৱা,গৃহিনীৰ পৰা আদি কৰি সকলো স্তৰৰ লোকৰ বাবেই এই মাহটো এক আশাৰ মাহ। দৈনন্দিন জীৱনৰ ব্যস্ততাপূৰ্ণ সময়খিনিৰ পৰা আঁতৰি নিজৰ মনটোক শুদ্ধ আৰু শক্তিশালী কৰি তুলিবলৈ  এই মাহটোৱে এক সুবিধা প্ৰদান কৰে বুলিলেও বঢ়াই কোৱা নহ'ব। সত্ৰ-নামঘৰত ঘৰৰ গৃহস্হই মাহ-প্ৰসাদৰ শৰাই  এভাগি দি বছৰটোৰ কুশল কামনা কৰাৰ এক অনন্য ব্যস্ততা । অসমৰ সত্ৰ-নামঘৰ সমূহত ভাদমাহ উপলক্ষ্যে সমগ্ৰ মাহজুৰি পালনাম অনুষ্ঠিত কৰা হয়। 
      এই পবিত্ৰ মাহতেই আকৌ পালন কৰা হয় চাহ জনজাতি সকলৰ জাতীয় উৎসৱ 'কৰম পৰৱ'। ভাদ মাহৰ শুক্লা একাদশী তিথিত চাহ জনজাতিৰ হৃদয়ৰ স্পন্দন স্বৰূপ এই কৰম পৰৱ উদ্ যাপন কৰা হয়। চাহ জনজাতিৰ লোকসকলৰ মনত ভাদমাহৰ অনুভৱেই সুকীয়া। এই কৰম পৰৱক নাৰীকেন্দ্ৰিক উৎসৱ বুলিও কোৱা হয়। এনেদৰেই ভাদমাহত উদ্ যাপন কৰা পবিত্ৰ উৎসৱ অনুষ্ঠানসমূহে আমাৰ শান্তি,ঐক্য,সম্প্ৰীতিৰ ডোল আৰু অধিক কটকটীয়া কৰি ৰাখে। এই পবিত্ৰ মাহটিয়ে সকলোৰে বাবে কঢ়িয়াই আনক আশাৰ বতৰা আৰু অনাগত দিনবোৰ হৈ পৰক মধুময় আৰু সুখময়। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)