শুনিছানে সেইটো সমাধি ,ভুলৰ সমাধি ।
সমাধি নিৰ্মাণত
মূল আধাৰ সৰলতা
সহায়ক নিশ্চুপ হৃদয়
অৰিহণা আগবঢ়ালে ত্যাগী মনে
ভূমিকা ল'লে বাকহীন কণ্ঠই।
অলংকৃত হ'ল
নিস্বাৰ্থ তুলিকাৰে
সততাৰ ৰঙেৰে ।
প্রয়োজনীতাখিনিক
আঁজুৰি আনিব পৰা নগ'ল
শান্তিৰ প্রতীক পিন্ধি
হৃদয় হ'ল নিৰুপায়
তাতেই উন্মোচিত হ'ল
এটা বৃহৎ ভুলৰ সমাধি।
নাজানো ভুলৰ সমাধিত
হ'বনে বন্তি প্রজ্বলন!
নে থাকিব আন্ধাৰতে ডুব গৈ
সেয়াও নহয় নিশ্চিত ।
আন্তৰিক ধন্যবাদ। আলোচনীখনে নতুন দিশত আগবাঢ়ি যাওঁক শুভেছা জনালোঁ।
ReplyDelete