জীয়াই থকাৰ
অনুশীলনহে কৰে।
জীৱনে হাঁহে
জীয়াই থকাৰ
প্ৰাৰ্থনাহে কৰে।
জীৱনে ভাগৰে
জীয়াই থকাৰ
অভিলাষহে ৰচে।
জীৱনে নাভাগৰে
জীয়াই থকাৰ
বাবে মৃত্যুক
উপলুঙা কৰে,
জীৱন নিজৰ বাবে নহয়,,
জীৱন জীৱনৰ
অনুগামীৰ বাবে,
যিদৰে
আকাশ শূন্য
অথচ
সূৰ্য জোন তৰাৰে সমৃদ্ধ ।।।।