মোৰ আকাশখনৰ এটি সীমা থাকে।
নিশাহবোৰক গিলি নোযোৱালৈকে
সময়বোৰচোন উলটিয়েই নাহে।
মই ৰৈ ৰৈ গাই যাওঁ-
"মানুহ হোৱাৰ" গান।
কিন্তু মানুহয়েইচোন
কেতিয়াবা এন্ধাৰ এমুঠি সানি দিয়ে !
মই পুনৰ বৈ যাওঁ,
যদিওবা মোৰ উশাহৰ নীলাবোৰৰ বুকুত
এডাল সীমা আঁকি থোৱা থাকে৷
✍🏻 বিতু পানতাঁতী
গাওঁ :- ঘিলাধাৰী চাহ বাগিছা
বিশ্বনাথ ( অসম )
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ