স্বাধীনতা - ডিম্পী গগৈ

 তিনি বৰণীয়া জাতীয় পতাকাখনি
 নীলা আকাশৰ বতাহৰ মাজেৰে
বিলীন হৈ উৰা মাৰে ।
স্বাধীন দেশৰ নাগৰিক মই ,
মোৰ স্বাধীন ভাৰতৰ ;
মইয়ে স্বাভিমান ।
বহু শ্বহীদৰ ত্যাগৰ ফল স্বাধীনতা ।
হে বীৰ ,সহস্ৰ প্ৰণামো তোমাক ।
১৯৪৭ চনৰ ১৫ আগষ্টত জননীৰ জয় নিনাদত ,
কম্পিত শত্ৰুগণ ।
অমাৱস্যাৰ আকাশৰ দৰে পৃথিৱীত
পূণিৰ্মাৰ জোনটিৰ দৰে জিলিকি ৰৈছিল ,
মোৰ স্বদেশ ভাৰতভূমি ।
জননীৰ জয় হওক সদায় ।
সুস্থ হৈ থাকক মোৰ মাতৃভূমি ।



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send