বিদ্যালয় হৈছে বিদ্যাৰ মন্দিৰ। য'ত মই বিদ্যালয়ত শিকা কাম আৰু কাৰ্যকলাপ সমূহ তৈয়াৰ কৰে।যি আমাৰ দক্ষতা বিকাশত সহায় কৰে।এই কাম আৰু কাৰ্যকলাপবোৰ সম্পন্ন কৰি আমাক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি আমাৰ সপোনবোৰ যাতে পূৰণ কৰিব পাৰোঁ তাৰ বাবে উপযুক্ত কৰি তোলে।
জ্ঞান আহৰণৰ বাবে বিদ্যালয় হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান। য'ত আমাক পৃথিৱীখন সলনি কৰিবলৈ আৰু লক্ষ্য আৰু সপোন বিকশিত কৰিব পাৰোঁ।আৰু সেই মোৰ আপোন বিদ্যালয় খন হৈছে "কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়" ।এই বিদ্যালয় খন ১৯৬০ চনত স্থাপিত হৈছিল। আমাৰ বিদ্যালয় খন বোকাখাট মহকুমাৰ কাজিৰঙা মৌজাত অৱস্থিত।
মোৰ এই সপোনৰ বিদ্যালয় খন ৩৭ নং ঘাইপথত অৱস্থিত। বিদ্যালয় খনৰ কাষতে কাজিৰঙা মহাবিদ্যালয় অৱস্থিত। বিদ্যালয়ৰ পূব পশ্চিম উত্তৰ আৰু দক্ষিণ দিশে মানুহৰ ঘৰ আছে।আমাৰ বিদ্যালয়খনৰ মাটি প্ৰায় ২ বিঘা। চৌহদটো ওখ দেৱালেৰে গঠিত। আমাৰ বিদ্যালয়ত প্ৰায় ৩০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী আছে । বিদ্যালয় খনে আৰম্ভণিৰে পৰা বহু উচ্চ শিক্ষিত লোক সৃষ্টি কৰি আহিছে।
মই মোৰ এই আপোন বিদ্যালয়খনলৈ যোৱাৰ এটি উদ্দেশ্য আছে যি এই উদ্দেশ্য পূৰণ কৰিবলৈ এই বিদ্যালয় খন অতি গুৰুত্বপূৰ্ণ। মই এই বিদ্যালয়ত পঢ়ি বহুত উপকৃত হৈছোঁ। শ্ৰেণীৰ কিতাপে জ্ঞান আৰু আকৰ্ষণীয় তথ্য প্ৰদান কৰে। কিতাপত থকা কিছুমান কাহিনীৰে আকৰ্ষণীয় লগতে আমাৰ জীৱনৰ কিছুমান নৈতিক জ্ঞান প্ৰদান কৰে। ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুৱে এই কিতাপৰ যোগেদি আমাক বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰে। আমাৰ বিদ্যালয়ত সুবিধা প্ৰদান কৰে।এই সমূহৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সপোন বিকশিত কৰিব পাৰে। ইয়াৰ উপৰিও বিদ্যালয়ৰ অনুষ্ঠান সমূহৰ কাৰ্যকলাপ আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি তোলে। প্ৰতিযোগিতাৰ বাবে কঠোৰ বিদ্যালয়ৰ শিক্ষক। আৰু বন্ধু বান্ধৱী তথা মই যি প্ৰাপ্ত কৰিছোঁ তাৰ বাবে গৌৰৱান্বিত হোৱাৰ সুযোগ পাইছোঁ । শিক্ষকসকল মোৰ হৃদয়ত মোৰ বাবে সৰ্বশ্ৰেষ্ঠ।
বিদ্যালয়ত অনুষ্ঠিত কৰা সংগীত,খেল-ধেমালি, নৈতিকতা, কুইজ,আদি সৃষ্টিমূলক কাৰ্যকলাপৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভা সমূহ জগাই তুলি সকলোকে আগবঢ়াই নিয়াত উৎসাহ আৰু প্ৰেৰণা দিয়ে।যাৰ ফলত জীৱনটো সৎ পথত পৰিচালিত কৰিবলৈ সক্ষম হয় ।
মোৰ বাবে মোৰ এই আপোন বিদ্যালয়খনক লৈ বহুত সুখী।এই বিদ্যালয় খনৰ বাবে সমাজত মই এগৰাকী সু নাগৰিক হিচাপে থিয় দি সমাজখনত বিদ্যাৰ পোহৰ বিলাবলৈ মই চেষ্টা চলাই যাম। মোৰ এই আপোন বিদ্যালয়খনত যি লক্ষ্য লৈ পঢ়িছোঁ সেই লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ তাৰ বাবে সদায় চেষ্টা কৰিম।
Please মোৰ সপোনৰ মহাবিদ্যালয়ৰ বিষয়ে ৰচনা দিব please🙏🙏🙏
ReplyDelete