গুচি আহিলোঁ
মলয়া বতাহৰ লগৰী হৈ।
ঠেহ পতা মন লৈ
উৰা মাৰিলোঁ আকাশৰ বুকুলৈ
শুকুলা ডাৱৰ চুবলৈ ।
সোনোৱালী দিনৰ
গীত গাইছিলোঁ অতি হেঁপাহেৰে
বিৰহ হেৰুৱাবলৈ ।
জোনাকী পৰুৱাই বাট ভুল কৰি
এদিনো আলহী হোৱা নাই
ঘোপ মৰা আন্ধাৰ নিশা ।
আউসীৰ ৰাতি
জিলিকি থকা কেঁচু ৰস
মানিক বুলি খেপিয়াই চাইছিলোঁ ।
গভীৰ নিশা
কোনোদিন সৰ্পৰ মূৰৰ মানিক
বিচাৰি নাপালোঁ মই ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ