ফুলশয্যাৰ নিশা(খণ্ড-১৪)-তীৰ্থ পিন্টু বৰা

অসমীয়া সাহিত্যৰ চানেকি
0
....... ৰক্তিম আহি ঘৰ পোৱাৰ আগতেই মনাই ঘৰুৱা কামবোৰ কৰি আজৰি হম বুলি ভাবিয়েই..., তিতা তিয়নীয়েই নিজৰ শোৱনী কোঠাতো মচি ললে.., কাপোৰ কেইটা সলাই.., তিয়নীকেইটা ৰচিডালত মেলি দি হাত ভৰি কেইটা ধুই গোঁসাই ঘৰত সোমাল..., নূপুৰেও চাহ কাপ খাই খৰখেদাকৈ ৰুম কেইটা ঝাড়ু দিলে.., খেলিমেলি হৈ থকা আলনাৰ কাপোৰ কেইটা নিয়াৰিকৈ জাপিলে..., বৌ পানী অলপ গৰম কৰি থব লাগিব...., দাদা আহি গা ধুবলৈ লাগিব... নূপুৰে কলে...
: মই এবাল্টি গৰম হবলৈ দিয়ে থৈছোঁ.... নূপুৰ দেউতা আহিল নেকি..!
: নাই অহা বৌ..! কিয় সুধিলানো....!
: মানে দেউতা আহিয়ে চাহকাপ বিচাৰিব যে...! গাখীৰ চাহ বাকীম তুমি খাবা নেকি.....
: এতিয়া নাখাওঁ...., গা ধুই খাম....

            নূপুৰ গা ধুবলৈ সোমাল, ততাতৈয়াকৈ গাটো ধুই নূপুৰ খুড়ীয়েকৰ ঘৰলৈ ঢাপলি মেলিলে.., মনাই চাহ কৰিবলৈ চ'চটোত পানী বাকোঁতেই... পদূলিত অ'টো এখন ৰখোৱা শব্দ শুনি মনাই উধাতু খাই ওলাই গল, ৰক্তিম আহিছে...., ড্ৰাইভাৰজনেই ট্ৰলিটো নমাই দিলে...., পালাহি.., মুখখন একেবাৰে শুকাই আহিছে..., বাটত একো খোঁৱা বোঁৱা নকৰিলা নেকি....?
: চাৰি পাঁচ দিন একেলেঠাৰীয়ে বহি বহি আহি থকা জনেহে জানে , ভোক পিয়াহ সকলো নাইকিয়া হৈ যায়...., 
: ব'লা.....! ব'লা......! ভিতৰলৈ ...., গাটো ধুই কিবা অলপ খাই অলপ শুই দিবা...., মই গৰম পানী কৰি থৈছোঁ..

         ট্ৰলিটো ৰক্তিমে দাঙি ধৰোঁতেই মনাই ঠাপ মাৰি ধৰিলে...., ইমান দূৰ জার্নী কৰি আহিছা.., এইটো ময়ে লৈ যাওঁ দিয়া..., 
: পাৰিবা জানো ..! বৰ গধুৰ..,  
: কিয় নোৱাৰিমনো...! কাপোৰ হে আছে.., শিল নাই নহয়..!

        মনাইৰ কথা শুনি মিচিকিয়া হাঁহি এটি মাৰি ৰক্তিম ভিতৰলৈ সোমাই গ'ল, মনাইয়ো চোঁচৰাই চোঁচৰাই ট্ৰলিটো ভিতৰলৈ লৈ গল...., 

: গামোচা টাৱেল দিয়াহি..., গা ধুবলৈ..., ৰক্তিমে মনাইক চিঞৰিলে..
: সকলো মই ৰেডী কৰি থৈছোঁ..., তুমি কাপোৰকেইটা সলাই গা ধুই আহাগৈ..,
: বোপা পালেহি নেকি অ' নূপুৰ ......! মাতষাৰ লগাই ৰক্তিমৰ দেউতাক পাকঘৰলৈ সোমাই আহিল...
: দেউতা , পালেহি..., চাহ দিছোঁ , বহক..
: বোপা পালেহি নেকি...?
: পালেহি দেউতা... গা ধুই আছে...
: অ'...! তেন্তে চাহকাপ বোপাৰ লগতে খাম...,

          দেউতাকৰ মাত শুনি ৰক্তিম খৰখেদাকৈ টাৱেলখনে মূৰত মোহাৰি মোহাৰি ওলাই আহিল...
দেউতা ক'ত গৈছিলা..., 
: ৰাস্তাই ৰাস্তাই অলপ ওলাই গৈছিলোঁ, 
: মনা ...., নূপুৰ নাই নেকি...! দেখা নাই যে...!
: ভন্টী খুড়ী ঘৰলৈ গৈছে, তুমি অহাৰ কথা কবলৈ..
: হয়নেকি...!  দেউতা বিহুৰ বজাৰ কৰিলা নেকি...!
: নাই কৰা বোপাই...! গাড়ী মটৰ যিহে ভীৰ ওলাই যাবলৈকে ভয় লাগে, তথাপিও এদিন ওলাইছিলোঁ বোৱাৰীয়ে যাবলৈ নিদিলে...
: ভালেই কৰিলা দেউতা, আবেলিকৈ মই যাম, কি কি লাগে সকলো বজাৰ কৰি আনিম...

         কথা পাতি থাকোঁতেই নূপুৰ ওলালহি..., দাদা কেতিয়া পালিহি...,
: অলপ সময় হ'ল, গাটো তিয়াই চাহকাপ খাইছোঁ, 
যাচোন টাৱেলখন মেলি থৈ আহগৈ...., মনা ঘৰলৈ গৈছিলা নে ...!
: নাই যোৱা...., এদিন ভাইটি আহিছিল, ঘৰৰ কল কেইটামান দিবলৈ..
: কিয় ঘৰখনলৈ মনত নাই পৰা নেকি..!
: নাই পৰা, সেইখন এতিয়া মোৰ আলহী ঘৰ, ঘৰলৈ গ'লে দেউতাৰ কিবা অসুবিধা হয় বুলিয়েই যোৱা নাই....! 
: ঠিক আছে বাৰু বিহুত দুয়োটা গৈ দুৰাতিমান থাকি আহিমগৈ....
: অ' দাদা তোক কথা এটা কোৱাই নাই নহয়, এদিন বৌয়ে সপোন দেখি চিঞৰি দিছিল ডাঙৰ কৈ...., মই ভয়তে একে জাপে উঠি আহি দুৱাৰত টুকুৰিয়াইছিলোঁ....
: হয়নে মনা..! তুমি দেখোন মোক কোৱাই নাই, 
: সপোনটোৰ কথা তোমাক কি বুলি কম... সপোনটো তুমি আহি মোক আমনি কৰিছিলা....
: অ'.....! এতিয়াহে সঁচা কথাটো ওলাইছে... তাৰমানে বৌ....! তুমি সেইদিনা ৰোমান্টিক সপোন দেখি চিঞৰিছিলা...., মোৰ মাত শুনি তোমাৰ চাগৈ সপোনটো হেৰাই গৈছিল...., sorry দেই বৌ....
: হব..., দেউতা আৰু দাদালৈ ডিচ দুখন আনাচোন.. হুকুমৰ সুৰত ক'লে মনাই.... পনীৰ আৰু কাবুলি বুটৰ সৈতে ফুলা ফুলা লুচিকেইখন দেউতাক আৰু ৰক্তিমক খাবলৈ দিলে.... খোৱা হ'লে তুমি অলপ শুই দিবাগৈ শৰীৰটোৱে অলপ আৰাম পাব, দেউতা আপুনিও অলপ আৰাম কৰিব, জানা নে ৰক্তিম তুমি আহিবা বুলি দেউতা আজি ভালকৈ পোহৰ নৌহতেই উঠিছে..., অ' পাহৰিছিলোঁৱেই ফ্ৰীজতে দৈ আছে..., আনিছোঁ ৰবা...! কলহটোৰ পৰা দৈ অলপ উলিয়াই ষ্টিলৰ বাতি এটাত এবাতি দৈ ৰক্তিমক খাবলৈ দিলে, দৈ ৰক্তিমৰ প্রিয়, সেয়ে মনাই দৈ অকণ গোটাই থৈছিল......

: দেউতা আপুনি দৈ খাব নে....!
: মোক ভাতৰ লগত দিবা দুপৰীয়া...., 
: মোক কিন্তু এতিয়াই লাগিব দেই বৌ... পাকঘৰৰ পৰাই মাত দিলে নূপুৰে....
: লুচিকেইখন হ'ল যদি লৈ আহা ...! আমিও খাই লওঁ....,

          নূপুৰে ৰুটি আৰু চবজি ভৰাই থোৱা হতকেচ দুটা ডাইনিং টেবুললৈক উলিয়াই আনিলে...., আমি এনেকৈ হাতত লৈয়ে খাই দিম.., বৌ ভাত খাবলৈ মাছ মাংস কিবা আছে নে...!
: নাই..., ফ্ৰীজতে পনীৰ অলপ আৰু ডিম কেইটামান আছে, দুপৰীয়াৰ সাঁজ তেনেকৈয়ে হৈ যাব....
: নহব....! মই ঋত্বিকক মাংস আনিবলৈ কৈ দিলোঁ... দাদাই সুদা ভাত খাই বেয়া পাই...
: তুমি কিন্তু মানুহ মাৰিবা দেই...., দাদাই যদি গম পায়, তোমাক গালি পাৰিব ...., তুমি নিজেইটো মৰিবাই লগতে মোকো মাৰিবা....
: কিয়....? 
: সেই কিয়টোৰ উত্তৰ দাদাকে সুধি লবা....., আৰু ঋত্বিকক আজি ঘৰলৈ নানিবা..., তুমি অলপ আগবাঢ়ি যোৱা, ৰাস্তাৰ পৰা মাংসখিনি তুমি লৈ আহিবা.., 
: ঠিক আছে বৌ....., তুমি যদি ঋত্বিক আমাৰ ঘৰলৈ অহাটো বেয়া পোৱা তেন্তে তাক কেতিয়াও মই ঘৰলৈ নানো, কিন্তু বৌ ঋত্বিক লৰাটো তুমি ভবাৰ দৰে ইমান বেয়াও নহয়..
: তুমি আজিকালি কথাবোৰ ওলোটা কৈ বুজা..., ঋত্বিকক মই বেয়া বুলি কোৱা নাই,  কিন্তু দাদাই হুলস্থূল কৰিব বুলিহে মই মানা কৰিছোঁ..., 
: হব দিয়া বৌ, ঋত্বিক পাবহিয়ে এতিয়া মই তিনি আলিলৈকে ওলাই যাওঁ...
: যোৱা...! সোনকালে আহিবা কিন্তু....! নূপুৰ ওলাই গৈছিল মাংস আনিবলৈ, খোৱা বাচন বৰ্তন কেইটা ধুই মনা ৰক্তিমৰ কাষলৈ গল..., হাতত মবাইলটো লৈ ৰক্তিম বিচনাত বাগৰি আছিল... ..তোমাক মই অলপ আৰাম কৰিবলৈ কৈছিলোঁ, সৰু লৰাৰ দৰে মোবাইল পিটিকিবলৈ দিয়া নাছিলোঁ....
: আহি পাইছোঁহে, শাসন কৰিবলৈ আৰম্ভ কৰিয়ে দিলা.., হাত ভৰিবোৰ বৰকৈ বিষাইছে, যদি বেয়া নোপোৱা অলপ পিটিকি দিবা নেকি..! 
: মোৰ আৰু বেলেগ কাম নাই....! 
: বেয়া পাইছা যদি নালাগে দিয়া, এনেকৈয়ে পৰি থাকিম...., নহলে নীহাকে মাতি দিম.... ৰক্তিমে কেৰাহীকৈ মনালৈ চালে..
: সেই কাল সৰ্পিনিজনীৰ নাম উচ্চাৰণ নকৰিবা, তাইৰ নাম লোৱাৰ বাবেই হয়টো আধৰুৱা হৈ ৰল আমাৰ ফুলশয্যাৰ নিশা....
: মই তোমাক ধেমালিহে কৰিছিলোঁ মনা, তুমি গোটেইজনী জাঙুৰ খাই উঠিলা, 
: কোনো বিবাহিত নাৰীয়ে গিৰিয়েকৰ মুখত অন্য ছোৱালীৰ প্রশংসা শুনিব নিবিচাৰে...., 
: মনা....! খং উঠিলে তোমাক সঁচাকৈ বৰ ধুনীয়া দেখি...
: কি যে কথাবোৰ কোৱা তুমি....! মিচিকিয়া হাঁহি এটা মাৰিলে মনাই, চাওঁ....! অলিভ অইলটো দিয়া গাটো অলপ মালিচ কৰি দিওঁ,  
: নালাগে দিয়া..! এনেই ভাল লাগিব,
: বেচি কৰিব নালাগে দিয়া, মই তোমাৰ মূৰটো পিটিকি দিম বুলি ভাবিয়ে ৰুমলৈ আহিছিলোঁ, 
: বঢ়িয়া...! প্ৰথমে মূৰটোকে মালিচ কৰি দিয়া, টোপনি আহিব পাৰে...., দুৱাৰখন জপাই দিয়া , দেউতা ঘৰতে নাই জানো...!
: কিয়....?
: দেউতাই দেখিলে মোৰ লাজ লাগিব...,

          দুৱাৰখন জপাই খিৰিকীৰ পর্দাবোৰ মেলি দিলে মনাই, ড্ৰেচিং টেবুলৰ পৰা নৱৰত্ন টেলতো হাতত লৈ শিতানত বহিল, হাতত তেল অলপ উলিয়াই লাহে লাহে ৰক্তিমৰ চুলিত আঙুলি বুলাই তেলখিনি লগাই দিলে, দুষ্টালি ভৰা হাঁহি এটা মাৰি ৰক্তিমে মনাক বুকুৰ মাজলৈ টানি আনি কপালত এটি মিঠা চুমা আঁকি দিলে...... আৰম্ভ হলেই নে তোমাৰ দুষ্টামিবোৰ .....!
: মৰম কৰিলে দুষ্টামী কৰা হয় নেকি....! হ'ব দিয়া হাত দুখন অলপ টানি আঙুলি কেইটা ফুটাই দিয়া.., তাৰ পাছত ভৰিটো অলপ পিটিকি দিবা...

           মনাৰ ফোনটো বাজি উঠিল..., মনাই বহাৰ পৰা উঠি ফোনটো ৰিচিভ কৰিলে.... হেল্ল...! মা, কোৱা....
: ৰক্তিম পালেহি নে...!
: পালেহি মা, খাই বৈ এতিয়া আৰাম কৰিছে..., মই মূৰ পিটিকি আছিলোঁ তেওঁৰ....
: কাইলৈ ভাইটি যাব , এইবাৰ বিহু বুলি বিশেষ একো যোগাৰ কৰা নাই, নাৰিকলৰ পিঠা আৰু মিঠৈ কেইটামান দি পঠাম..., 
: মা, সেইবোৰ কিয় দিব লাগে নো...! মই সেইবোৰ সকলো যোগাৰ কৰিলোঁ, 
: হলেও..., তোক নিদিয়াকৈ নো কেনেকৈ খাওঁ.. !
: ভাইটি কেতিয়া আহিব...! দুপৰীয়া ভাত কেইটা খোৱাকৈ আহিবলৈ কবা....!
: ভাত খোৱাকৈয়ে যাব চাগে...! 
: ভাইটিক মোলৈ ফোন এটা কৰিবলৈ কবাচোন..., 
: কম বাৰু দে ....! ঘৰত সকলোৰে ভাল নহয়, 
: সকলো ভালেই আছে, দেউতাৰ কেনে...
: দেউতাৰনো কি কবি...! এদিন ভাল , দুদিন বেয়া,
হব দে , দেউতাৰে চিঞৰি আছে, কোনোবা আহিছে নেকি..
: হব দিয়া, মই পাছত ফোন কৰিম... ফোনটো কাটি দিলে মনাই, ......শুনিচানে কাইলৈ ভাইটি আহিব , তালৈ কিবা এটা লৈ আহিবা, এইটো আমাৰ প্ৰথম বিহু, মা দেউতাকো কিবা এটা দিব লাগিব, 
: সেইটো কথা মোক ক'ব লাগে নেকি...! বজাৰ কৰিবলৈ তুমিও ওলাবা, পিছে বিয়াৰ পিছত এইটো মোৰো প্ৰথম বিহু... মোক কি দিবা মনা..
: তোমাক গামোচা এখনকে দিম...., 
: অকল গামোচা এখন....! 
: নহয়.. লগত তামোল এখনো দিম...
: মই যে তামোল নাখাওঁ.. 
: নাখালেও দিম, সেইটো নিয়ম..., 

           মাংস টোপোলাটো হাতত লৈ নূপুৰ ঘৰ পালেহি...., বৌ আদা নহৰু গুচালানে...! মই পাই গলোঁহি...!
: ভন্টী কত গৈছিল...? প্ৰশ্নবোধক দৃষ্টিয়ে ৰক্তিমে সুধিলে,
:  ইমান দিনৰ মূৰত আহিছা..., তোমাৰ মৰমতে তাই মাংস আনিবলৈ গৈছিল....
: তাৰমানে ভন্টীয়ে বজাৰ কৰিব পৰা হল, 
: ভন্টী এতিয়া ডাঙৰ হল, সেয়ে মই তোমাক কৈ আছো , ভাল লৰা এটা চাই ভন্টীক বিয়া দি দিয়া, 
: ল'ৰা এজন মই আলেঙে আলেঙে চাই আছোঁ, কিন্তু এইৰ পছন্দ হয় নে নাই সেইটোহে ভাবি আছো, 
: কি কৰে ল'ৰাজনে... ঘৰ ক'ত?
: ডাক্তৰ ল'ৰাজন, শিৱসাগৰত ঘৰ,  মাক দেউতাক আৰু লৰাটো, বায়েক এজনী আছিল বিয়া দিলে, এতিয়া সি ছোৱালী বিচাৰি ফুৰিছে, মোৰ বন্ধু এজনৰ মাহীয়েকৰ পুতেক, 
: তেন্তে তুমি কথাটো আজি দেউতা আৰু ভন্টীৰ লগত আলোচনা কৰিবা..., 

        বৌ...., বৌ ..., ক'ত আছা তুমি....  নূপুৰে চিঞৰি চিঞৰি ৰুম পালেহি, তুমি ইয়াতে আছা..., 
: দাদাৰ মূৰ পিটিকি আছিলোঁ,
: তুমি আজি ভাত নাৰান্ধা নেকি ...! বাৰ বাজীবৰ হল...! 
: ৰান্ধিম দুয়োজনীয়ে , কিমান সময় লাগিবনো, বহাচোন.... তোমাৰ লগত কথা এটা পাতিব লগা আছে...
: কি কথা বৌ...
: দাদাক সোধা....
: কি কথা দাদা...!
: মই তোৰ কাৰণে লৰা এজন চাইছোঁ, শিৱসাগৰত ঘৰ ডাক্তৰ কৰে, পৰিয়ালটো ভাল..., 

           জকজকাই উঠিল নূপুৰ.... মই থকা কাৰণে তোৰ কিবা অসুবিধা হৈছে নেকি দাদা...?
: কথাটো শুনি তই যে জাঙুৰ খাই উঠিলি..! কাৰোবাক ভাল পাই আছ নেকি মনে মনে...!
: মোৰ কোনো ভালপোৱা চালপোৱা নাই..., মোৰ চিধা কথা , মই এতিয়া বিয়া হব বিচৰা নাই,
: নূপুৰ..., বয়স বঢ়াৰ লগে লগেই ছোৱালীৰ চেহেৰাটো বেয়া হৈ যায়, গতিকে সময়ৰ কাম সময়ত কৰাটো ভাল... মনাই লাহেকৈ কলে
: অ' তাৰমানে দাদাক তুমি উচতাই দিছা...
: ভন্টী..., মুখ চম্ভালি কথা কবি, মনা তোৰ বান্ধৱী নহয়, তোৰ বৌয়েৰা, ..... নূপুৰৰ কথা শুনি ৰক্তিমৰ খং উঠি গৈছিল..., নূপুৰো খঙতে উচাত মাৰি ককায়েকৰ ৰুমৰ পৰা ওলাই গৈছিল,

     ( ক্ৰমশঃ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)