ঘৰ-পৰ সকলোৰে মুখত এটাই কথা যে নন্দনক ভাল ছোৱালী এজনী চাই বিয়া পাতি দিলেই সকলো সমস্যাৰ শেষ।ইফালে সিও নাচোৰবান্দা,কোনোপধ্যেই বিয়া নাপাতে।অচিনাকি ছোৱালী এজনীৰ জীৱনক লৈ হেতালি খেলাৰ মানসিকতা তাৰ মুঠেও নাই।সিও নজনা নহয় তাৰ সমস্যাৰ কথা।
"তোমালোক আটাইবোৰে মিলি যে দাদাক বিয়াৰ বাবে হেঁচা দি আছা,তাৰ নিচিনা মানসিকভাৱে অসুস্থ ল'ৰা এটালৈ মোক উলিয়াই দিব পাৰিলাহেঁতেন নে?দাদাৰ দুৰ্বলতাক ঢাকি যে ভাল ছোৱালী বিচৰাত নামি পৰিছা।ছোৱালী এজনীৰ কি সপোন নাথাকে,ভৱিষ্যৎ নাথাকে?" ভনীয়েক অনীতাৰ প্ৰতিবাদী কথাত সকলো নিশ্চুপ হৈ ৰ'ল।কাৰো ওচৰত একো উত্তৰ নাছিল।