মৰাৰ পিছত-আব্দুল হাই

©Admin
0
ৰত্নগৰ্ভাই মোৰ বৈকুন্ঠগামী কালে
বুজিবা তুমি মোক অশ্ৰুভৰা হৃদয়ে
অস্তমিতপাৰে সন্ধিয়া তৰাক
খৱৰ সুধিবা মোৰ নয়নভৰা জলে।
স্থিৰ চিত্ৰ ৰাখিবা হৃদয়ভেদি
অহৌবলিয়া অশ্ৰুভৰা আঁখিৰে
গোটেই ভুৱন ঘুৰি বাতুল স্বভাৱে
আকাশ পাতাল খুজিবা তৰাৰ পথে
বুজিবা তুমি অশ্ৰুভৰা নয়নে
মোৰ বৈকুন্ঠগামী কালে।
স্বপ্ন ভাঙি নিদ্ৰাকালে চমকি উঠি
বিচাৰিবা মোক হৃদয়েৰ মাজে।
বিচাৰিবা আকুল প্ৰাণে স্বপ্নসাগৰে
আকোৱালি ল’ব খুজিবা হৃদয়ে
ব্যাধিভৰা অশান্ত প্ৰাণে,
বুজিবা মোৰ বৈকুন্ঠগামী কালে।
গোটেই জীৱন পুনৰ পোৱাৰ আশাৰে
মিথ্যা স্বপ্নভৰা মৰুৰ বুকে
ব্যাধিভৰা হৃদয় কান্দিব তোমাৰ
মোৰ বৈকুন্ঠগামী কালে।
পৰিব মনত সহস্ৰবাৰ চিৰনিন্দা কালে
অশ্ৰুভৰা তোমাৰ দুই নয়নে।
ওৰণিৰে মোছিবা কিমান অশ্ৰুৰ পানী
ব্যাধিভৰা অশান্ত প্ৰাণে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)