৯/১১ কিছু মনৰ অনুভৱ-হৰ্ষবৰ্দ্ধন

©Admin
0
৯/১১ সকলোৰে বাবে এটা ক'লা দিন। ৯/১১ বুলি ক'লেই আমাৰ মনলৈ আহে  দুটা ডাঙৰ ডাঙৰ অট্টালিকাৰ সৈতে খুন্দা খোৱা দুখন বিমান। লাডেন,জৰ্জ বুশ্ব ইত্যাদি ইত্যাদি। কিন্তু এই দিনটোৰ কথা মনলৈ আহিলে আপুনি মই ভয় খাওঁ কিয়?কাৰণ আমাৰ সকলোৰে point of referenceটো ভুল। ৯/১১ৰ কথা শুনিলে আমাৰ ৱৰ্ল্ড ট্ৰেড চেন্টাৰৰ ঘটনাটোলৈ ঠিকেই মনত পৰে কিন্তু আজিৰ পৰা ঠিক ১২৮ বছৰ আগতে মহান হিন্দু সভ্যতাৰ সনাতন সংস্কৃতিক পশ্চিমৰ মাটিত প্ৰতিষ্ঠা কৰা স্বামী বিবেকানন্দৰ সেই অমৃতবাণীৰ কথা মনত নেপেলাও। ভাৰতীয় মানুহৰ বাবে ৯/১১ কেনে এটি গৌৰৱোজ্জল আৰু সোণালী দিন সেয়া আমি পাহৰি যাওঁ। স্বামীজীয়ে বিখ্যাত শ্বিকাগ' ভাষণটো আজিৰ দিনটোতে দিছিল,১১ ছেপ্টেম্বৰ,১৮৯৩।
মোৰ বাবে ৯/১১ মানে নৰেন্দ্ৰ, আৰু সকলো ভাৰতীয়ৰ বাবে নৰেন্দ্ৰ হোৱাটোৱেই উচিত। নৰেন্দ্ৰনাথ দত্ত,যাক সমগ্ৰ বিশ্বই স্বামী বিবেকানন্দৰ নামেৰে জানে।কিয় মনত ৰাখিব লাগে আমি ভাৰতীয় সকলে ৯/১১ক। কাৰণ আজিৰ দিনটোতে ভাৰতৰ এজন ৩০ বছৰীয়া যুৱ সন্ন্যাসীয়ে পশ্চিমৰ ডাঙৰ ডাঙৰ বিদ্বান লোকক মহান ভাৰতীয় সভ্যতা সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিছিল।৯/১১ক আমি এইকাৰণে মনত ৰখা উচিত কাৰণ আজিৰ দিনটোতে মহান সনাতন সংস্কৃতিৰ এজন বাহকে ভাৰতক পুনৰ বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰিছিল। ৯/১১ক আমি নিউয়ৰ্কৰ বাবে নহয় শ্বিকাগ'ৰ বাবে মনত ৰাখিম, ধ্বংসৰ বাবে নহয় বিশ্ব শান্তিৰ বাবে মনত ৰাখিম,লাডেনৰ বাবে নহয় নৰেন্দ্ৰৰ বাবে মনত ৰাখিম।
দিনাংক- ৯ ছেপ্টেম্বৰ,১৮৯৩, স্থান- Lack Michiganৰ পাৰৰ আমেৰিকাৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ চহৰ শ্বিকাগ', উদ্দেশ্য- বিশ্ব ধৰ্ম সংসদ, পাত্ৰ- সমগ্ৰ বিশ্বৰ বিভিন্ন ধৰ্মৰ প্ৰতিনিধি আৰু ভাৰতৰ এজন যুৱ তপস্বী স্বামী বিবেকানন্দ। উদ্দেশ্য আছিল বিভিন্ন ধৰ্ম আৰু সংস্কৃতিৰ বিষয়ে আলাপ - আলোচনা কৰাৰ । কিন্তু নিজকে  আটাইতকৈ শ্ৰেষ্ঠ বুলি গণ্য কৰা পশ্চিমীয়া চাহাব সকল অনেক বিদ্বানৰ মাজত বহি থকা স্বামী বিবেকানন্দৰ তুচ্ছ তাচিল্য কৰাতহে ব্যস্ত আছিল। কাৰণ তেওঁৰ সাজ সজ্জা চাহাবী ছুটৰ সৈতে নিমিলে, দেখিবলৈও বৰ এটা সুন্দৰ নাছিল। মস্তিষ্কত জ্ঞানৰ ভঁড়াল আছিল কিন্তু চকুত অহংকাৰ নাছিল। ভাৰতক তৃতীয় বিশ্ব বুলি গণ্য কৰা,যাদু মন্ত্ৰৰ দেশ বুলি ভবা পশ্চিমৰ চাহাবসকলৰ বিবেকানন্দক দেখি হাঁহি উঠিছিল।কোনো কোনোৱে মন্তব্য দিলে বোলে, "বৰ ডাঙৰ ডাঙৰ কথা কয় ভাৰতে, নিজকে বিশ্বৰ আটাইতকৈ প্ৰাচীনতম সভ্যতা বুলি কয় ভাৰতে, কিন্তু ভাৰতে তৰ্ক কৰিবলৈ ভয় কৰে, সেয়েহে ধৰ্ম সংসদলৈ এটি ফুলকুমলীয়া ল'ৰা পঠাই দিছে। এওঁকটো অতি সহজেই পৰাজিত কৰিব পৰা যাব।"স্বামীজীয়ে কিন্তু এইবোৰ বিষয়ত কোনো গুৰুত্ব নিদিলে, তেখেতে মৌন ভাৱে বিশ্বৰ বিভিন্ন পণ্ডিতৰ বাখ্যা সমূহ শুনি থাকিল।  সকলোৰে কোৱাৰ ধৰণ ভিন্ন আছিল কিন্তু দাবী একেটাই আছিল। মোৰ ধৰ্মতকৈ আৰু শ্ৰেষ্ঠ ধৰ্ম নাই। কিছু সময়ৰ পাছত স্বামীজীক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ল আৰু বিবেকানন্দই লাহে লাহে মঞ্চলৈ গতি কৰিলে। স্বামীজী মঞ্চলৈ সিদিনা অকলে যোৱা নাছিল, তেওঁৰ সৈতে ভাৰতৰ সনাতন সংস্কৃতি আৰু বহু হেজাৰ বছৰ পুৰণি ইতিহাসো মঞ্চ পাইছিলগৈ।সেই সময়ত সকলোৰে মাজত এক জিজ্ঞাসা এক উত্তেজনা দেখা গৈছিল, সকলোৱে শুনিব খুজিছিল ভাৰতে কি ভাবে,কি কয়। সকলোৰে মনত প্ৰশ্ন উদয় হৈছিল যে যিখন মঞ্চত ইমান ডাঙৰ ডাঙৰ বিদ্বানে কথা কৈ গৈছে, সেইখন মঞ্চত গেৰুৱা বস্ত্ৰ পৰিহিত এই ল'ৰাজনে সনাতন ধৰ্মৰ শ্ৰেষ্ঠতা কেনেকৈ প্ৰতিষ্ঠা কৰিব!
স্বামীজী মাইকৰ আগত থিয় হ'ল, কিন্তু কোনো কথা নক'লে। সভাত তাকে লৈ কিছু ফুচফুচনি শুনা গ'ল, কিছু উৎসুকতা বাঢ়িল। কেইজনমান চাহাবে উপহাস কৰিলে" This is what you called gold feet, India has gone silent."স্বামীজী তেতিয়াও মৌন হৈয়েই আছিল, মাত্ৰ চাৰিওফালে দৃষ্টি নিক্ষেপ কৰি আছিল।কিছু সময় এনেদৰেই পাৰ হৈ গ'ল, তাৰ পাছত স্বামীজীয়ে আৰাম্ভ কৰিলে। মাত্ৰ পাঁচটা শব্দ ক'লে আৰু সেই পাঁচটা শব্দই অনাগত পাঁচশ বছৰৰ বাবে পশ্চিমৰ মাটিত ভাৰতীয় সভ্যতাৰ গৌৰৱোজ্জল ইতিহাস ৰচি দিলে। সেই পাঁচটা শব্দই উপস্থিত সকলোকে এনেদৰে মন্ত্ৰমুগ্ধ কৰিলে যে তাত উপস্থিত প্ৰায় ৭,০০০ লোকে একেলগে থিয় হৈ হাত চাপৰি বজাই থাকিল।এই পাঁচটা শব্দই পশ্চিমৰ মাটিত ভাৰতৰ বিশ্ববন্ধুত্বৰ বাণী হিচাবে স্বীকৃত হ'ল।শ্বিকাগ'ৰ ধৰ্ম সংসদত স্বামী বিবেকানন্দৰ প্ৰথম পাঁচটা শব্দ আছিল"  Sisters and brothers of America"। আমেৰিকান নাগৰিকসকল এই পাঁচটা শব্দ শুনি মন্ত্ৰমুগ্ধ হৈ পৰিল যেন তেওঁলোকে ঈশ্বৰৰ কন্ঠস্বৰ শুনিবলৈ পালে,যেন কিবা এটা আকাশবাণীহে শুনা পালে।৭,০০০ লোকে প্ৰায় ২ মিনিটলৈ হাত চাপৰি বজাই থাকিল। কিন্তু তেতিয়ালৈ স্বামীজীয়ে একো কোৱাই নাছিল, ক'বলৈ আৰম্ভ কৰিছিলহে মাথোঁ। এই পাঁচটা শব্দ ইমান মৰ্মস্পৰ্শী আৰু বিস্ময়কৰ এই বাবেই আছিল যে ই কোনো ব্যক্তি বিশেষৰ মুখেৰে নিৰ্গত হোৱা নাছিল,ই আছিল সনাতন ধৰ্ম আৰু সংস্কৃতিৰ মূল আধাৰ আছিল-
अयं बन्धुरयंनेति गणना लघुचेतसाम्
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
(মহোপনিষদ, অধ্যায়- ৪, শ্লোক সংখ্যা- ১৭)
এটা গণ্ডিৰ মাজত সোমাই থকা,আনক নিজৰ ভাতৃ, বন্ধু বা আপোন বুলি নভবা পশ্চিমীয়া চাহাব সকলক এই পাঁচটা শব্দই এটি cultural shock দি গ'ল। তেওঁলোক আচৰিত হ'ল কেনেকৈ সাত সাগৰ তেৰ নদী পাৰৰ পৰা অহা এজন সন্ন্যাসীয়ে ভাষা, সংস্কৃতি পৰম্পৰাৰ মিল নথকা এচাম লোকক নিজৰ ভাতৃ বা বন্ধু বুলি ক'ব পাৰে। এইটোৱেই সনাতন ধৰ্মৰ আটাইতকৈ ডাঙৰ ৰহস্য যিটো আজিলৈকে বিশ্বৰ মহান মহান বুদ্ধিজীবীয়ে বুজিব নোৱাৰিলে, কেনেকৈ আমি ভাৰতীয়সকলে আনক আপোন বুলি ক'ব পাৰোঁ! কেনেকৈ আমি সকলোকে সমান দৃষ্টিৰে চাব পাৰোঁ। আমাৰ ইয়াত গাৰ চালৰ বৰণ চাই ভেদভাৱ কৰা নহয়, আমাৰ ইয়াত"Black life matters"ৰ প্লেকাৰ্ড দেখুৱাই ব্যক্তি স্বাধীনতাৰ কথা মনত পেলাব নালাগে। বসুদ্ধৈৱ কুটুম্বকম আমাৰ সংস্কৃতি আছিল, আৰু সংস্কৃতি হ'ব লাগে। আমাৰ বাবে বিশ্বৰ প্ৰতিজন নৰ -নাৰী সম্পৰ্কত সেয়াই যি সিদিনা স্বামীজীয়ে কৈছিল" brothers and sisters"। পশ্চিমীয়া সংস্কৃতিয়ে বিশ্বক দ্বিতীয়, তৃতীয় আদি সংখ্যাত ভাগ কৰিলেও আমাৰ বাবে বিশ্ব এখনেই। এই পাঁচটা শব্দৰ পাছত স্বামীজী জ্ঞানৰ এটি ধাৰাপ্ৰৱাহলৈ ৰূপান্তৰিত হ'ল।
এই পাঁচটা শব্দৰ পাছত স্বামীজীয়ে কি কৈছিল। মই তেওঁৰ ভাষাৰেই কওঁ "It fills my heart with joy unspeakable to rise in response to the cordial welcome which you have given us."
ইয়াৰ বিষয়ে বহলাই কোৱাৰ আগেয়ে পাঠকে এটা কথা জানি লওঁক যে বিশ্ব ধৰ্ম সংসদত তেওঁ এই ভাষণটি দিয়াৰ ঠিক ডেৰ মাহ আগতে স্বামীজী আহি আমেৰিকা পাইছিলহি। আৰু আমেৰিকাত স্বামীজীক সেই ঘৃণাৰেই আদৰা হৈছিল যি ঘৃণা স্বেতসকলে কৃষ্ণাংগ সকলৰ প্ৰতি দেখুৱাইছিল।" You black get out"। প্ৰায় ডেৰ মাহ স্বামীজীয়ে এই একেষাৰ কথাকে শুনিবলৈ পাইছিল বিভিন্নজনৰ পৰা"You black get out"। স্বামীজীয়ে ডেৰ মাহ আনৰ পৰা বিহ সম শব্দ শুনিলে কিন্তু তেখেতে আনক কটু কথা নক'লে। অপমানৰ বিনিময়ত তেখেতৰ মুখৰ পৰা যিখিনি কথা ওলাল সেইখিনি কৃতজ্ঞতাসূচক আছিল। আমাৰ মহান সনাতন সংস্কৃতিয়ে আমাক সদায় বিনয় হ'বলৈকে শিকাইছে। ভাৰতীয় সংস্কৃতিয়ে আমাক বিহ পান কৰি অমৃত দান কৰিবলৈহে শিকাইছে।
স্বামীজীয়ে তাৰ পাছত ক'লে "I am proud to  belong to a religion which has taught the world both tolerance and universal acceptance."  কিন্তু দুখ লাগে যেতিয়া স্বামীজীয়ে কোৱা এই সনাতন সংস্কৃতি বা ধৰ্মটোৰ ওপৰতে intolerance বা শূন্য সহনশীলতাৰ অভিযোগ তোলা হয়।৮,০০০ বছৰ আগতে ঋক্‌বেদত আমাৰ ঋষিসকলে ঘোষণা কৰিছিল-
एकम सत्य
बिप्रा: बहुधा वदन्ति।।
অৰ্থাৎ সত্য এটাই, মাত্ৰ বিদ্বান সকলে নিজ নিজ চিন্তা আৰু বিচাৰেৰে সেই সত্য সমূহৰ বেলেগ বেলেগ বাখ্যা আৰু পৰিভাষা দিয়ে।ইয়াতে নিহিত হৈ আছে universal acceptance। মোৰ কথাটো সত্য প্ৰমাণিত হ'বলৈ তোমাৰ কথাটো যে ভুল হ'ব লাগিব তেনে কোনো কথা নাই। ভগ্নী নিবেদিতাই স্বামীজীক condensed India বুলি অভিহিত কৰিছিল।ইংৰাজ চাহাবসকলে ক'ৰবাত ক'ৰবাত লিখিছিল ১৮৯৭ৰ পাছত তেওঁলোকে যিমানবোৰ স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰিছিল সকলোৰে হাতত বিবেকানন্দৰ ফটো বা তেওঁৰ আন কোনো দস্তাবেজ নিশ্চিত ৰূপত পাইছিল।ই এটা কথাকে সূচায় যে স্বামীজীৰ কৰ্ম কেৱল হিন্দু ধৰ্মতে সীমাবদ্ধ নাছিল, ৰাষ্ট্ৰীয়তাবাদী চিন্তাধাৰাতো তেখেতে অৱদান আগবঢ়াইছিল।মহান আমেৰিকান পণ্ডিত জন হেনৰি ৰাইটে লিখিছিল স্বামী বিবেকানন্দৰ এটা মস্তিষ্কৰ তীক্ষ্ণতা আমাৰ সকলো আমেৰিকান প্ৰফেছাৰতকৈ বেছি,"More than the all total of some knowledge,all the American professor have."

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)