আলিংগন ভৰা উষ্ম চুমা যাচিব খুজিও পিছুৱাই আহিলো;
নোৱাৰিলো।
তোমাৰ আলোকচিত্ৰখনৰ লগত সংযোজন কৰা আছে;
মৰহি যোৱা এডাল শেৱালি ফুলৰ মালা।
যাৰ;এতিয়া সেমেকা গোন্ধ।
ৰূমটোত এলান্ধুৰে ভৰ্তি...
কাষৰত পৰি আছে ভগা কেইজোৰমান কাপ-প্লেট,এটা শলিতাবিহীন লেম্প,তোমাৰ চশমাজোৰ আৰু নালভগা কাঠৰ চকী দুখন।
য'ত বহি আমি পৰিকল্পনা কৰিছিলো;
জীৱনটোক সুন্দৰ ৰূপত গঢ় দিয়াত আৰু তুমি মোক
আমন্ত্ৰণ জনাইছিলা
তোমাৰ হৃদয়ৰ কক্ষলৈ।
মই আগবাঢ়িছিলো এখোজ দুখোজকৈ খুব সাৱধানে
ঠিক তেনে এটা সময়তে এটি কাল ধুমুহাই...
ছেহ:
আমাৰ ল'ৰা ছোৱালীহাল এতিয়া বাহিৰত থাকে।
হাজাৰ কৰ্ম ব্যস্ততা..
মাজে সময়ে খবৰ লয়
মোৰ বহুত বয়সো হ'ল নহয়
তোমালৈ বৰকৈ মনত পৰে।
এইটো ৰুমত মই অন্য কাকো সোমাব নিদিওঁ
কাম কৰিবলৈ অহা ৰামোকো
সিয়ে এদিন মোক সোঁৱৰাই দিছিল
ছাৰ কিমান দিন আৰু এনেদৰে অকলে থাকিব??
দ্বিতীয়বাৰ বিয়াখন পাতি লওঁক ...
মই একে উশাহে কৈছিলো 'অসম্ভৱ'
তুমিয়ে কোৱাচোন তোমাৰ কপালৰ তুলিকাকণ মই আনক কেনেকৈ উজাৰি দিওঁ
মইতো অকলশৰীয়া নহয়,
তুমি নাই কিন্তু তোমাৰ স্মৃতিবোৰ এতিয়াও সজীৱ মোৰ প্ৰাণত..
আসঃ কথাবোৰ ভাবি বুকুখন বৰকৈ বিষাইছে!!
তোমাৰ প্রিয় আছিল বাবেই 'বীণা বৰুৱা'ৰ
'জীৱনৰ বাটত' উপন্যাসখন বাৰে বাৰে হাতত তুলি লওঁ।
প্ৰতিবাৰেই বুটলো উপন্যাসখনৰ পৰা 'অলেখ অযুত এমুঠি নতুন অভিজ্ঞতা'
এয়া কি??মোৰ চকুৰ পৰা চোন চকুপানী ওলাইছে!
বহুদিনৰ পৰা গোট মাৰি থকা যেন এখন বৰফৰ নৈ হৈ।
নাই মই ইমান দুৰ্বল হ'ব নোৱাৰো,
পুনৰ সাহসী হম তোমাৰ বাবেই..
জীৱনৰ শেষ ষ্টেচন পৰ্য্যন্ত, স্মৃতি নামৰ ছায়াকেই আঁকোৱালি লৈ।।।