আজি হ'ল ২০ ছেপ্তেম্বৰ; গ্ৰেগৰীয়ান কেলেণ্ডাৰৰ ২৬৩ তম দিন। বছৰটো শেষ হ'বলৈ আৰু ১০২ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ বিশেষত্ব জানো আহঁক---
♠️আজি নেপালৰ সংবিধান দিৱস।
♠️আজি থাইলেণ্ডৰ ৰাষ্ট্ৰীয় যুৱ দিৱস।
♠️আজিৰ দিনটোতেই আজাৰবাইজানত তৈল কৰ্মীসকলৰ দিৱস পালন কৰা হয়।
♠️আজিৰ দিনটোতেই জাৰ্মানীত সাৰ্বজনীন শিশু দিৱস পালন কৰা হয়।
♠️আজিৰ দিনটোতেই ১৮৫৭ চনত ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দিল্লী পুনৰ দখল কৰাৰ পাছত চিপাহী বিদ্ৰোহৰ অন্ত পৰিছিল।
♠️আজিৰ দিনটোতেই ১৮৭৮ চনত "দ্য হিন্দু" (The Hindu) কাকতখন প্ৰথমবাৰলৈ প্ৰকাশিত হৈছিল। তেতিয়া ইয়াৰ প্ৰকাশ সাপ্তাহিক আছিল।
♠️আজিৰ দিনটোতেই ১৯৩২ চনত অস্পৃশ্যতাৰ বিৰুদ্ধে গান্ধীজীয়ে অনশন আৰম্ভ কৰিছিল।
♠️আজিৰ দিনটোতেই ১৯৪৬ চনত প্ৰথমবাৰলৈ কেনেছ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল।
♠️আজিৰ দিনটোতেই ১৯৭৭ চনত ভিয়েটনামে ৰাষ্ট্ৰসংঘত যোগদান কৰিছিল।
সংগ্ৰাহক ➖ কুঁহিস্মিতা বৰা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ