গুৰি গুৰি হৈ স্থিতিহীন হোৱাৰ
দুৰ্বাৰ বাসনা,,,,,,,।
নিষ্পেষিত হোৱাৰ বাসনাত
সংগমস্থানত সুৱাসিত নিশ্বাসৰ
উম অনুভূতি,,,,,,,,।
পাহাৰৰ উঠা-নমা দেহ ভংগিমাত
শৰীৰ-মন ব্ৰহ্মানন্দৰ অনুভৱ
সান্নিধ্যৰ তৃপ্তি,,,,,,,,।
সৌন্দৰ্য পৰিৱৰ্তনৰ সংজ্ঞাৰে
অম্লপিত্তত ভূগি প্ৰেমৰ অঞ্জলিয়ে
গৰিমা হেৰুৱায়,,,,,,।
দ্বিধাগস্থ মন প্ৰশান্তিৰে ভৰি
নিচাত্মিকাবোধৰ মাজত
ভূগিব লাগিছে,,,,,,,,,।
আত্মাই গ্ৰহণ কৰে স্নেহ স্পৰ্শৰ অমৃত
সংগমহীন প্ৰেমৰ জোৱাৰত
বিবসনা প্ৰকৃতি,,,,,,।
প্ৰেম কাতৰ মুখৰ অধীৰ অন্বেষন,
কোমল ৰ'দত হাঁহি থকা পৃথিৱী
মেঘৰ আলিংগন।