নিশাৰ নিস্তব্ধতাত সংগোপনে
মৰমৰ চিৰসেউজ নৈখন উজাই দিছিলা
তেতিয়াই মোৰ পৰা তোমাৰ বুকুলৈ
আজি নীলিম চিয়াহীৰে সজোৱা উকাপাত
সমাদৃত স্মৃতিৰ সঁফুৰাৰে
আপোন প্ৰাণৰ নিবিড়তাত হৃদয়ৰ
কেনভাছ আজি জীৱন্ত
আকৌ অস্তমিত সূৰুয মোৰ হৃদয়ত নিদিওঁ ডুবিব
নিস্তব্ধতাই বিলাই যোৱা মৰমৰ সুবাস
পুৱাৰ কিৰণে আকৌ এবাৰ আনিব
প্ৰতিশ্ৰুতিবদ্ধ নিয়ৰসিক্ত গোলাপৰ সুৰভিৰে ।।
✍🏻চিন্ময়ী বৰা
পুৰণিগুদাম, নগাঁও