🔘১৯৫১ চনৰ আজিৰ দিনটোতে এনজাছ (ANZUS) চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত স্বাক্ষৰিত হৈছিল।
🔘১৯৫২ চনৰ আজিৰ দিনটোতে 'ড্য অল্ড মেন এণ্ড ড্য ছি'ৰ উপন্যাসখন প্ৰথমবাৰৰ বাবে প্ৰকাশ পায়। এই উপন্যাস খনৰ ৰচক আছিল আৰ্ণেষ্ট হেমিঙ্গৱে। 'ড্য অল্ড মেন এণ্ড ড্য ছি' য়ে পুলিটজাৰ বঁটাও লাভ কৰিছিল।
🔘১৯৫৬ চনৰ এই তাৰিখৰ পৰাই ভাৰতীয় জীৱন বীমা নিগমৰ কাম কাজ আৰম্ভ কৰা হৈছিল।
🔘১৯৬১ চনৰ আজিৰ দিনটোতে যুগুস্লেভিয়াৰ বেলগ্ৰেডত নন এলাইনড্(Non-Aligned) ৰাষ্ট্ৰসমূহৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল।
🔘১৯৮০ চনৰ আজিৰ দিনটোতে 'চয়-ক্যো-হাহ'ৰ ইস্তাফাৰ পাচতেই দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয় চ্চুন-দো-হোৱান।
🔘১৯৮২ চনৰ আজিৰ দিনটোতে যুক্তৰাষ্ট্ৰত এয়াৰ ফৰ্চ স্পেছ কমাণ্ডে (Air Force Space Command) প্ৰতিষ্ঠা লাভ কৰিছিল।
🔘১৯৮৫ চনৰ আজিৰ দিনটোতে সমুদ্ৰপৃষ্ঠত নিৰুদ্দিষ্ট টাইটানিক জাহাজৰ ছবি ৭৩ বছৰ পিছত পোহৰলৈ আহিছিল।
🔘১৯৯১ চনৰ আজিৰ দিনটোতে ছোভিয়েট ইউনিয়নৰ পৰা উজবেকিস্তানে স্বাধীনতা লাভ কৰিছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ