ক'ৰবাত গধূলি
ক'ৰবাত আবেলি
ক'ৰবাত দুপৰীয়া
ক'ৰবাত নিশা ।
পুখুৰীৰ সেউজীয়া পানী
ভাপ হৈ এতিয়া আকাশত ।
এজাক দুপালপিতা
সেউজীয়া বৰষুণৰ বাবে
নিম গছত আউজি
প্ৰতীক্ষাত এতিয়া প্ৰতীক্ষা ।
ৰান্ধনীশালৰ মলমলীয়া গোন্ধ এটাই
চৌপাশে নিগনিৰ দৰে
পিতপিতাই আছে ।
মেউ মেউ মেউ ।