আই-অনুজ ভৰালী

অসমীয়া সাহিত্যৰ চানেকি
0

সোণ বৰণীয়া আঘোণৰ পথাৰখনত
যেতিয়া ৰ'দ মূৰৰ ওপৰত উঠে তেতিয়া
বৰকৈ মনত পৰে তোমালৈ
তোমাৰ গাৰ ঘামক
ভোকৰ অমৃত পৰশ দিবলৈ তোমাৰ শ্ৰমক 
তোমাৰ সততাক প্ৰোজ্জ্বলিত  হবলৈ দিছোঁ আই ,
ক'তনো উভতাই আনিব পাৰিম আই  ,
তোমাৰ লগত কটোৱা সময়বোৰ
তুমিয়েতো তুলি লৈছিলা আই দুখবোৰ দুহাতেৰে
মোৰ সুখৰ বাবে ।
মোৰ বাবেইতো গৈছিলা তুমি বৃদ্ধাশ্ৰমলৈ ,
মৃত আবেলি ৰুণজুনৰ গধূলিত 
বৰকৈ মনত পৰে তোমালৈ আই ।
বাৰুদতকৈ ভয়ংকৰ হৈ পৰিছিলোঁ আই ।
মই আজি ভুক্তভোগী আই।
মোক মাফ কৰা আই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)