মহাপ্ৰলয়-বিপুল তাঁতী

অসমীয়া সাহিত্যৰ চানেকি
0
চাৰিও ফালে  আতংক
দেশ বিদেশৰ হাজাৰ হাজাৰ মানুহ মৃত্যুৰ মুখত পৰিছে
এয়া যেন এক মহাপ্ৰলয় 
নামি আহিছে পৃথিৱী বুকুলৈ
সমগ্ৰ বিশ্ববাসী হৈ পৰিছে নিতাল নিস্তব্ধ 
চাৰিও ফালে অন্ধকাৰ 
দুচকুত টোপনি নাই 
আছে মাথোঁ দুখৰ চকুপানী
এতিয়া মাথোঁ প্ৰয়োজন সজাগৰ 
হে প্ৰভু আপোনাৰেই একমাত্ৰ ভৰসা
মানৱ জাতিক জীয়াই থাকিব দিয়া
নাজানো মানুহৰ খেলা নে
প্ৰকৃতিৰ লীলা
মাথো এটাই কামনা শান্তিময় 
হৈ উঠক এই ধৰা ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)