সময়ৰ দাপোণত ঢেকীয়ালৰ প্ৰতিচ্ছবি (তৃতীয়)-দশমী শইকীয়া

©Admin
0
*ঢেকীয়ালৰ অৰ্থনৈতিক অৱস্থা*

ঢেকীয়াল অঞ্চলৰ প্ৰায় ভাগ লোকেই কৃষিৰ লগত জড়িত ৷ ইয়াৰ উপৰিও শিক্ষক , অধিবক্তা ,অধ্যাপক ,ডাক্তৰ ,ইঞ্জিনীয়াৰ আদি বৃত্তিধাৰী লোকো আছে ৷ এই বৃত্তিসমূহৰ লগত জড়িত লোকসকলকো খেতিৰ লগত জড়িত হোৱা দেখা যায় ৷ কৃষিজাত সামগ্ৰীৰ ভিতৰত ধান , কুঁহিয়াৰ , চাহপাত , নানা তৰহৰ ফলমূল আদি উৎপন্ন হয় ৷
       কম বেছি পৰিমাণে বৰ্তমান লোকসকল চাহখেতিৰ লগত জড়িত হৈ পৰিছে ৷ যিয়ে অৰ্থনৈতিক ক্ষেত্ৰখনলৈ কিছু পৰিৱৰ্তন কঢ়িয়াই আনিছে ৷ লোকসকল ব্যৱসায়-বাণিজ্যৰ লগত জড়িত হৈ পৰিছে ৷ পাচলিৰ বজাৰৰ পৰা আৰম্ভ কৰি মাছ-মাংস ,ফলমূল , ইলেকট্ৰনিক সামগ্ৰী আদি সকলো প্ৰকাৰৰ দ্ৰব্য ইয়াত উপলব্ধ ৷ ইয়াত থকা মাৰোৱাৰী দোকান , Co Operative ৰ দোকানে জনসাধাৰণৰ প্ৰয়োজন পূৰণ কৰি আহিছে ৷ পূৰ্বৰ তুলনাত বৰ্তমান ঢেকীয়াল অঞ্চলত বহু কেইখন বাণিজ্যিক প্ৰতিষ্ঠানে গা কৰি উঠিছে ৷ সৰু ডাঙৰ হোটেলো গঢ় লৈ উঠিছে ৷ ক’বলৈ গ’লে ঢেকীয়ালৰ লোকসকল স্বাৱলম্বী হৈ উঠিছে ৷
         জীৱ-জন্তু পোহ পালনৰ ক্ষেত্ৰতো এই অঞ্চলৰ লোকসকল আগবঢ়া ৷ গৰু-ছাগলী ,হাঁহ-কুকুৰা পুহি বহু লোক স্বাৱলম্বী হোৱা দেখা যায় ৷ বহু কেইখন ফাৰ্মে ইতিমধ্যে গা কৰি উঠিছে ৷ মীন পালনৰ লগতো জড়িত হোৱা দেখা যায় ৷
        অলপদিনৰ পূৰ্বে ইয়াত এটি গেছ এজেঞ্চি প্ৰতিষ্ঠা কৰা হয় ৷ যাৰ বাবে ঢেকীয়ালবাসীয়ে সহজে গেছৰ চিলিণ্ডাৰ লাভ কৰাত সহায়ক হয় ৷ ইলেকট্ৰিচিটি ৰ এটি উপশাখাও স্থাপন কৰা হয় ৷ যাৰ বাবে কাৰেণ্টৰ বিল পৰিশোধ কৰা ,কাৰেণ্ট সম্বন্ধীয় কিবা সমস্যা থাকিলেও বাটকুৰি বাই টাউনৰ মূল শাখালৈ নোযোৱাকৈ সমাধান সম্ভৱপৰ হৈ উঠিছে ৷

*যোগাযোগ আৰু যাতায়ত ব্যৱস্থা*

ঢেকীয়াল অঞ্চলৰ কাষেৰেই হেমচন্দ্ৰ গোস্বামী পথ পাৰ হৈ গৈছে ৷ যিটো ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ লগত সংযোজিত ৷ ফলস্বৰূপে যাতায়ত ব্যৱস্থা সুচল হৈ পৰিছে ৷ বাছ ,মেজিক ,এপে আদিৰ চলাচলে যোগাযোগ সুগম কৰি তুলিছে ৷ লগতে ঢেকীয়াল ডাকঘৰে ও যোগাযোগ সুচল কৰিছে ৷
       ইয়াত বেংক সেৱাৰো ভাল ব্যৱস্থা আছে ৷ চাৰিআলিত অৱস্থিত United Bank Of India ৰ শাখা ,তিনিআলিত অৱস্থিত Punjab National Bank ৰ শাখাই বেংকিং সেৱা সুচল কৰি তুলিছে ৷ ইয়াৰ উপৰিও Bandhan Bank ৰ শাখা ,ATM ব্যৱস্থাই অৰ্থনৈতিক ক্ষেত্ৰত সহায় কৰি আহিছে ৷

*শিক্ষা ব্যৱস্থা*

ঢেকীয়াল অঞ্চলৰ লোক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া ৷ ঢেকীয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় ,গৌৰাঙ্গসত্ৰ প্ৰাথমিক বিদ্যালয় ,ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয় ,স্ত্ৰী শিক্ষাৰ কেন্দ্ৰস্থল ঢেকীয়াল বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ঢেকীয়ালৰ গৌৰৱ ৷ লগতে বৰ্তমান কেইবাটাও অঙ্গনবাড়ী কেন্দ্ৰ প্ৰতিষ্ঠা হৈছে; য’ত সৰু সৰু শিশুসকলক শিক্ষাৰ বহল পথাৰ খনৰ লগত চিনাকি কৰোৱাৰ প্ৰয়াস কৰা হয় ৷
১৮৮৬ চনত গঢ়ি উঠে ঢেকীয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়খন । য’ত আৰম্ভ হয় শিশুৰ প্ৰথম আনুষ্ঠানিক শিক্ষা ৷
      ১৯৩৩ চনত ঢেকীয়ালত শিক্ষাৰ নতুন আলোকৰ সৃষ্টি হয়। প্ৰতিষ্ঠা হয় ঢেকীয়াল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৷
১৯৬৩ চনত স্ত্ৰী শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিষ্ঠা কৰা হয় ঢেকীয়াল বালিকা উচ্চ মাধ্যমিক বিদ্যালয় ৷ প্ৰতি বছৰে হাজাৰজনী ছোৱালীক শিক্ষাৰ পোহৰেৰে আলোকিত কৰি তুলিছে এই প্ৰতিষ্ঠানটিয়ে ৷

*শান্তি প্ৰতিষ্ঠা*

ঢেকীয়াল তিনিআলিৰ পৰা  নাতি দূৰত থকা ঢেকীয়াল আৰক্ষী চকীয়ে ঢেকীয়ালবাসীৰ শান্তি ৰক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই আহিছে ৷ পূৰ্বতে এই আৰক্ষী চকী ঢেকীয়াল চাৰিআলিৰ মাজ মজিয়াত আছিল ৷ পিছলৈ ইয়াক বৰ্তমানৰ ঠাইলৈ উঠাই নিয়া হয় ৷ বৰ্তমান গাঁওৰক্ষী বাহিনীয়েও গাঁওখনৰ সুৰক্ষা তথা শান্তিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ৷

*চিকিৎসা সেৱা*

ঢেকীয়াল তিনিআলিত অৱস্থিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৰোগীক চিকিৎসা সেৱা আগৱঢ়াই আহিছে ৷ লগতে চাৰিআলি ,তিনিআলিত দুই এখন ফাৰ্মাচীয়েও প্ৰতিষ্ঠা লাভ কৰিছে ৷ লগতে হোমিও চিকিৎসা সেৱা প্ৰতিষ্ঠানো গঢ় লৈ উঠিছে ৷ পশুৰ চিকিৎসাৰ বাবেও চাৰিঙ্গিয়া পশু চিকিৎসালয় নামেৰে এটি প্ৰতিষ্ঠা আছে ৷

*ঢেকীয়ালৰ কুটীৰ শিল্প*

ঢেকীয়ালবাসী অতীজৰ পৰাই কুটীৰ শিল্পৰ লগত জড়িত ৷ ইয়াৰ লোকসকলৰ হাতত প্ৰাণ পাই উঠে আপুৰুগীয়া মৃৎ শিল্প বা কুমাৰ শিল্পই ৷ শিল্পীসকলে প্ৰস্তুত কৰি উলিয়াই বিভিন্ন আকাৰৰ মাটিৰ পাত্ৰ ৷ যেনে : কলহ ,দীঘল ডিঙিৰ কলহ ; যাক ঢেকীয়লীয়া কলহ বোলা হয় ,টেকেলি ,মলা ,চৰু ,নদিয়া ,দুনৰি ,চাকি ,ধুপদানি ,ধূনাদানি ,ফুলৰ টাব আদি ৷ ঢেকীয়ালৰ কলহ সকলোতে বিখ্যাত ৷ বিশেষকৈ ইয়াক গুৰ সংৰক্ষণ কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল ।
        ঢেকীয়ালৰ বহুকেইজন ব্যক্তি এই শিল্পত জড়িত হোৱা দেখা যায় ৷ শিল্পী নবীন বৰাই অসম তথা ভাৰতৰ কেইবাজনো বৰেণ্য ব্যক্তিৰ মাটিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি অসমৰ বিভিন্ন ঠাইত প্ৰদৰ্শন কৰি নিজ প্ৰতিভাৰ বিকাশ ঘটাইছে ৷ ঠিক সেইদৰে শিল্পীগৰাকীয়ে অসমৰ বিভিন্ন ঠাইত নামঘৰ ,বিদ্যালয় ,সত্ৰ আদিৰ তোৰণ নিৰ্মাণ কাৰ্য্যত জড়িত থকা দেখা যায় ৷
        পূৰ্বৰ তুলনাত বৰ্তমান এই শিল্পই গুৰুত্ব হেৰুৱা পৰিলক্ষিত হৈছে ৷ মাটিৰ সামগ্ৰীৰ প্ৰতি আকৰ্ষণ কমা দেখা যায় ৷ কৃষকৰ কুঁহিয়াৰ খেতিৰ চাহিদা কমি যোৱাৰ লগে লগে দীঘল ডিঙিৰ কলহৰ বিক্ৰী কম হৈ পৰিছে ৷
        ঢেকীয়ালৰ অন্য এটি কুটীৰ শিল্প হৈছে বয়ন শিল্প বা তাঁত শিল্প ৷ শিল্পীসকলে গামোচা ,চেলেং ,মেখেলা ,ৰুমাল ,ৰিহা আদি নিজে তাঁত শালত বৈ পৰম্পৰা ৰক্ষা কৰি আহিছে ৷ অঞ্চলটোৰ কেইবাটাও আত্মসহায়ক গোটে এই কাপোৰ বৈ বিক্ৰী কৰি আত্মসংস্থাপনৰ পথ মোকোলাই লোৱা দেখা যায় ৷ ইয়াৰ উপৰিও ঘৰতে চিৰা ,মুৰি ,বিভিন্ন আচাৰ ,জাম-জেলি ,পিঠা -পনা বনাই সামগ্ৰীসমূহ বিক্ৰী কৰি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱা দেখা পোৱা গৈছে ৷
           বৰ্তমান সাঁচিৰ উদ্যোগেও ঠন ধৰি উঠা দেখা যায় ৷ এই অঞ্চলত পৰ্যাপ্ত পৰিমাণে সাঁচি গছ পোৱা যায় ৷ অঞ্চলটোৰ গ্ৰাম্য অৰ্থনীতিত এই সাঁচি উদ্যোগৰ ভূমিকা অপৰিসীম ৷ এই সাঁচি গছৰ পৰা তেল বা অগৰু নিষ্কাসন কৰা হয় ৷ কিছু বছৰৰ আগলৈকে কেৱল মুছলমান ধৰ্মাৱলম্বীসকলহে এই উদ্যোগ ৰ লগত জড়িত আছিল ৷ কিন্তু বৰ্তমান হিন্দু ,মুছলমান উভয়ে এই কাৰ্যত জড়িত হৈ পৰিছে ৷
       কেইজনমান উদ্যমী যুৱকে বাঁহ - বেতৰ বিভিন্ন সামগ্ৰী ; যেনে চকী , টেবুল , মুঢ়া আদি প্ৰস্তুত কৰি বিভিন্ন প্ৰান্তত সমাদৰ লাভ কৰা দেখা গৈছে ৷ এই সামগ্ৰীসমূহৰ এখন ভাল বজাৰ সৃষ্টি কৰিবলৈও সক্ষম হৈছে বুলি জানিব পৰা গৈছে  ৷

✍️দশমী শইকীয়া
গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)