হাত বাউলি-ছাইফুদ্দিন আহমেদ

©Admin
1
থিৰাং কৰি থৈছিলোঁ মই 
যেন কেতিয়াও কাৰো 
প্ৰেমত নপৰোঁ বুলি ৷
তথাপিও হৈ গ’ল প্ৰেম 
তোমাৰ হৰিণী চকুযুৰি দেখি ৷

শৰতৰ পুৱা আছোঁ মই 
শেৱালি বুটলি ৷
দ্বীপকোঁৱৰী তুমি যদি 
এবাৰ কোৱা মোক ভালপোৱা 
কলিজাৰ কোষ ফালি 
প্ৰতিবিন্দু তেজেৰে 
হৃদয়ৰ শেৱালি পাহত 
তোমাৰ ছবি আঁকি পঠাইছোঁ 
পৰিভ্ৰমী চৰাই বোৰৰ হাতত দি ৷
অব্যক্ত প্ৰেম মোৰ আছে যে
তোমাৰ নীৰৱতাৰ স’তে খেলি 

যদি মোক ভালপোৱা এবাৰ কোৱা ৷
লাজুকী লাজুকী খোজেৰে
হাঁহি ভৰা মুখেৰে জনম জনমৰ কাৰণে
তিৰবুকুৰ তৰংগমালা পিন্ধি 
দুই শৰীৰ এক আত্মা হ’বলৈ বুলি
ৰৈ আছোঁ মই তোমাক হাত বাউলি দি ৷

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment