সম্পাদকীয় -শাৰদীয় অনুভৱ-২০২১ অক্টোবৰ মাহৰ সংখ্যা

Rinku Rajowar
0
"শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন।"
          বৰ্ষাৰ বোকোচাত উঠি  ধৰালৈ আগমন ঋতুৰাণী শৰতৰ। বিগত সময়ছোৱাৰ বোকাময় পৰিৱেশ আৰু বতৰক বিদায় দি ফৰকাল আকাশৰ লগতে পাতলকৈ কু্ঁৱলীৰ আচ্ছাদনে ধৰাখন স্বচ্ছ কৰি তুলিছে। শেৱালীৰ আমোলমোল গোন্ধ চৌপাশে বিয়পি পৰিছে। আকাশমুখী শুভ্ৰ কহুঁৱাৰ নাচোনে ৰাণী শৰতক আদৰি আনিছে।আসঃ কিযে এক ভাল লগা পৰিৱেশ। শৰত বুলি ক'লেই  এফালে চকুৰ আগত ভাঁহি আহে প্ৰকৃতিৰ এক অনন্য পৰিৱেশ,আনফালে আকৌ উৎসৱৰ আলোড়ন। 
       সময়ৰ পৰিৰ্ৱতন হৈছে। উৎসৱ-পাৰ্বনসমূহৰো জাক-জমকতা বৃদ্ধি পাইছে। ভক্তিতকৈ সাজোন-কাচোন মুখ্য হৈ পৰিছে, ঢাক-ডবাৰ শব্দক বৈদ্যুতিক আহিলাই হৰণ কৰিছে। পূৰ্বৰ শান্ত সমাহিত উৎসৱসমূহ হুলস্হূল আৰু অসামাজিক কাম-কাজত লিপ্ত হোৱাৰ এক সুবিধা হৈ পৰিছে। মুঠতে ক'বলৈ গ'লে পূৰ্বৰ উৎসৱৰ যি পৰিৱেশ, সেই  পৰিৱেশ  ক্ৰমান্বয়ে নোহোৱা হৈছে আৰু আধ্যাত্মিক  পৰিৱেশক অতি আধুনিকতাই গিলিবলৈ আৰম্ভ কৰিছে। 
     যি কি নহওক, যোৱা দুটা বছৰে কভি'ড মহামাৰীয়ে সকলো ক্ষেত্ৰতে কোঙা কৰি যোৱা অৱস্হাক বৰ্তমান পুনৰুজ্জীৱিত কৰণৰ আখৰা চলি আছে। তাৰ মাজতে আমাৰ ৰাইজ শাৰদীয় উৎসৱসমূহ পালনৰ বাবে সাজু হৈছে। এই উৎসৱ পালনে সমাজৰ পৰা সকলো ধৰণৰ দুখ-দুৰ্গতি নাশ কৰি অনাগত দিনবোৰ পোহৰাই তুলিব বুলি আশা কৰিছোঁ।
      শেষত, অসমীয়া সাহিত্যৰ চানেকিৰ পৰিয়ালৰ তৰফৰ পৰা প্ৰতিজন পাঠক আৰু শুভাকাংক্ষীলৈ আগন্তুক দূৰ্গাপূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)