অকপট- মৌচম হাজৰিকা

এদিন মোৰ ৰামধেনু
আকাশত বিলীন হব
আৰু সেই স্থান
পূৰণ কৰিব ডাৱৰে। 

এদিন মোৰ পাহাৰ
মাটিত খহি পৰিব
আৰু সেই স্থান
পূৰণ কৰিব পথাৰে। 

এদিন মোৰ আত্মা 
দেহৰ পৰা ওলাই যাব
আৰু সেই স্থান
পূৰণ কৰিব মাটিয়ে। 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send