পুৱতি দলিচাৰ নিয়ৰৰ টোপালৰ বুকুত পৰি থকা
শেৱালিৰ গোন্ধতে যেন
স্নিগ্ধ হয় পুৱতিৰ ৰহণ ।
এই সুবাসৰ গোন্ধৰ দ্বাৰাই
দিনটো স্নিগ্ধ হৈ পৰে
এটি সোণালী ৰহণ ।
এই ফুলে দিয়ে শৰতৰ আগমন ।
শেৱালিয়ে সৃষ্টি কৰে
এক মধুময় পৰিৱেশ ।
এই ফুল বোৰ কি যে মৰমলগা নহয়নে ,
আমি যদি এই ফুলবোৰ আদৰেৰে ৰাখো
নিশ্চয়
এটি সুন্দৰ ৰহণ হ'ব ।