নিৰলে কটাও নিশা,
কথা পাতোঁ সংগোপনে
এতিয়া সময় নিজকে জোখাৰ।।
বিষণ্ণ ৰাতিৰ জোনাকীৰ পোহৰত
টুকুৰা মেঘ বোৰে,
সময়ে শূণ্যতাই চকু পানীৰ দৰে
টোপটোপকৈ সৰে।।
যেতিয়া দুচকু মেলোঁ
তেতিয়া দেখোঁ কেৱল
ৰিক্ত হৃদয়ৰ অবুজ বেথা;
তেতিয়া ভাবি পালোঁ
ভালবোৰ এতিয়া দূৰৈৰ তৰা।।
✍️সুশান্ত দাস, শিৱসাগৰ