আমি সমাজৰ যোদ্ধা...
কি পাৰোঁ !!
কিমান পাৰোঁ নাজানো !!
সমাজখন নিকা কৰিবলৈ
মানুহক সহায় কৰিবলৈ ;
আৰ্তজনৰ কাষত থাকিবলৈ
সমাজৰ নাৰী জাতিক ন্যায় দিবলৈ ;
নিৰ্যাতিতক সহায়ৰ হাত আগবঢ়াবলৈ..
আমি হ'লো যোদ্ধা ।
যোদ্ধা আমি গাঁৱৰ
যোদ্ধা আমি চহৰৰ
যোদ্ধা হ'লো দেশৰ..
আমিয়েই যোদ্ধা নতুন যুগৰ ।।