সূৰ্য্যোদয় ১৮ ধাৰাবাহিক উপন্যাস- ৰাজেন দাস

Rinku Rajowar
0
(১) 
 তই আচার্য নে কি? এইটো?তোক কৈছোঁ।চশমাৱালা। শদিয়াৰ ডেকা। 
"শদিয়ালৈ নাযাবা
শত ফুল নাখাবা
কেচাঁপাতত নাবান্ধিবা লোণ
উপজিয়েই বুঢ়া হয় কোন? "
কোন অজয়। হয়নে নহয়। হয়। অজয় আচার্য। তই অ। তই। তই ভাই। তই বিয়াখনৰ পূজাৰীটো হ'। বিয়াঘৰত দ'ৰাৰ ঘৰৰ মানুহ আৰু ছোৱালী ঘৰৰ মানুহ ভাগ হৈ ল। দুটা ভাগত। বিয়া আমি দেখিয়েই আহিছোঁ। গাঁৱে-ভূঞে, চহৰে-নগৰে। ইয়াৰ বহু নীতি-নিয়ম, পৰম্পৰা-ঐতিহ্য আছে। ডেপ্টৰ সন্মানৰ কথাও আছে। কেইজনমান বিয়াখাবলৈ যোৱা মানুহ ওলাবি। কলগছ ৰেডি কৰিলি।নিপনহঁতে  পিএনজবিচিনএনৰ পৰা লৈয়ে আহিছিল। ভাগে-ভাগে দায়িত্ব পালন কৰিছে। ছোৱালীবোৰে নিজেও সাজিছে-কাচিছে।আনকো সজাইছে-পৰাইছে।ল'ৰাইয়ো তেনে কাম কৰিছে। আঠুমূৰত চুৰিয়া, কান্ধত গামোচা।
গান আছে নহয়--
"আজি দেখোন ঢুলীয়া
আঠুমূৰত চুৰিয়া
বিহুতলিত দেখা পাই
কিয় হোৱা বলিয়া..। 
বিভিন্ন বিভাগ-চেন্টাৰৰ প্ৰতিযোগিয়ে ৰংঘৰ ভিৰ কৰিছেহি। সকলো অনুশীলন কৰি আহিছে। তাগাৰা পাৰফৰমেঞ্চ হ'ব। য়েই য়েই মজা লাগিব। বহুত শিকিব পাৰিম। ৰংঘৰৰ সৌন্দর্য আছে। সুবাস আছে। ৰংঘৰত সেই শাৰীবোৰ স্মৃতিপটত ভাহি আহে--
"চিফুঙে আশা দিব
সাঁচিপাতে ভাষা দিব
ৰংঘৰে মেলিব দুৱাৰ
জিলিকাব লইতৰে  পাৰ... " (সুধাকণ্ঠ) 
কইনাৰ ভন্টি তই। দ'ৰাৰ ভায়েক ইয়াক দে। দৰা মৃদুল। জুলি কইনাৰ ভনীয়েক।লোকপ্ৰিয়া কইনা। দৰাৰ মাক শিবানী। দেউতাক লক্ষ্য। 
ৰভাঘৰ  উদুলি -মুদুলি। কোনে কাক বিজুলিয়াইছে। কাৰো খবৰ নাই। আনন্দ। আৰু আনন্দ। ধুনু ধুনকৈ পিন্ধিছে-উৰিছে। বিয়াঘৰলৈ আয়তী আহিছে। মুখে মুখে বিয়া নাম কি নুশুনিবা। 
"দুলা আনা দুলীয়া
জাপি আনা লগুৱা,
জোৰণ আহি ৰৈ আছে
আদৰোগৈ ...।"

(২) 
কথাখিনি কৈ থাকোঁতে লিংকটো  হেৰাই গৈছিল পাই। ডিয়ুৰ কালচাৰেল ৰ কথা কৈ আছিলি।ক। মই বহি থকা ঠাইত মোক গছজোপা জোকাৰি দিয়াৰ দৰে গাঁৱৰ মানুহে কৰিছে। সিহঁতৰ ভিতৰত আবাল- বৃদ্ধ-বনিতা আছে। চহাগোন্ধ থকা। কৈ যা বৰডেকা। তই প্ৰফেছৰ হ'লে ল'ৰা-ছোৱালীয়ে পাট্টাই  নিদিব। মইনাৰ কথাষাৰ সাঁচ বহি গৈছে। পখিলী নবৌৰ মাত। এদনীয়া হ'লোঁহেতেন। সকলো কাম কৰি গোটৰ মিটিং মাৰি ভাবিলো কি নো কাহিনী শুনো। আহক আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ দিম্পু বৰুৱালৈ মনত পৰে। সুন্দৰ উপস্থাপন। সুন্দৰ তথ্য সৰলকৈ দিব পাৰে। সকলো পাঠকে চাব পৰা। অসম ভাৰত তথা অন্যান্য ঠাইৰ বিবিধ বিষয়ক লৈ ভিডিও খিনি বনাই। বহু কথা শিকিব পাৰি। আনকো সহায় কৰি ভালপোৱা সহজ ইউটিৱাৰনৰ ভৱিষ্যৎ সুন্দৰ হওঁক। কি হ'ল ঠৰঙা লাগিল যে। অ' আমাক কাহিনী শুনাম কৈ নিজে ইউটিউব ত দিম্পু ৰ ভিডিও চাই আছে। মানে কেনেকৈ ক'ব লাগে  শিকি আছে। 
  (৩) 
ডিয়ুৰ কালচাৰেল প্ৰগেম খুব মনোৰম। উশাহ-নিশাহ লৈ ক। ঠিক আছে। বহুতে ছাত্ৰ-ছাত্ৰীয়ে সহৃদয়তাৰে অংশগ্রহণ কৰে। প্ৰতিযোগিতা হয়। আন্তঃবিভাগ বা কেন্দ্ৰ সমূহৰ মাজত। বিৰাট ভাল লাগে। বৃহৎ সামাজিক প্ৰেক্ষাপটো বৃহৎ পৰিয়ালৰ মাজত উদ্ভাসি উঠে। সকলোৱে নিদিষ্ট বিষয়বস্তু বা থিম এটা লৈ আগবাঢ়ে। কি কি বিষয়বস্তু? আঁতিগুৰি মাৰি কৈ যা। বিষয়বস্তু এই ধৰ-
অসমীয়া সমাজৰ সংস্কৃতি ৰ দিশসমূহ দেখুওৱাবলৈ বিচাৰিছে। তাতে নিৰ্ধাৰণ কৰি অহা থিম ৰ ৰিলেটেড কথাখিনিক গুৰুত্ব দিয়া হয়। চাহ জনজাতিৰ সকলৰ ঝুমুৰো পৰিৱেশন হ'ব। মিচিং ৰ আলি আই লিগাং ৰ দবূৰ,গুজৰাম  নৃত্য দেখুওৱাব। কোনোবাই ভাওনা দেখুৱাই। কালচাৰেল ৰেলি দীঘল হৈ পৰে। বৰ মষ্টি লাগে ন।তই যে ফোনত  দেখুৱাইছিলি। বিভাগ/চেন্টাৰ পোষ্টাৰ লৈ লৈ আগত গৈ থাকে। পোষ্টাৰত বিভাগ/চেন্টাৰ,কিমান সংখ্যক বিশ্ববিদ্যালয় সপ্তাহ, বিশ্ববিদ্যালয় ৰ নাম।বিষয় কোনোবা বিভাগে লৈছিল পাহৰিছোঁ। 
"নামনি অসমৰ তিনিটা উৎসৱ"।
বঢ়িয়া । 
আৰু মনলৈ অহা নাই? 
লগৰটোৰ লগত যে কোৰখন লৈ গৈছ।লগৰটোৱে গৰুহাল লৈ গৈছে। মূৰত জাপি। মুখত পাক উঠি ৰঙা হৈ যোৱা তামোল এখন। কৃষি কাৰ্যৰ দিশসমূহ দেখুওৱা হৈছিল। অ সি উৎপল মেছ। আমি ডাঙৰ মেছ বুলি কওঁ। প্ৰতিভাৱান  ছাত্ৰ। সম্প্ৰতি মৰিগাঁও কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক। 
বাজে কথা থ একা। আকৌ কৈ যা। মাজৰ পৰা দুই একে এনে মাত দি থাকে। আমাৰ বিভাগৰখিনিৰ লগতে স্মৃতিত থকা মিলাই মিলাই কৈ গৈছোঁ। বিভাগ-চেন্টাৰ কিছুমানে এখন ঠেলা লৈ লয়। তাতে প্ৰেগনেন্ট লেডি লৈ যায়। বা অসুস্থ মানুহ। আশাকৰ্মীও যায়। চৰিত্ৰ অনুযায়ী ৰং পেন কৰি আহে। মানে সাধাৰণতভাৱে।বোকাকে কোনোবাই লেপি ল'ব।ফটা-চিটা কাপোৰকে পিন্ধি ল'ব।গঞাৰ ছবি ফুটাই তুলিবলৈ।এটাই ঠেলাখন ঠেলি যায়। তাতে এটা বানী লিখি লয়। প্ৰতিটো দৃশ্যতে একো একোটা বানী পোষ্টাৰত লিখি লিখি নিয়ে। দৃষ্টি আকর্ষণ কৰিব পৰাই । হালি-জালি নাচি-বাগি যায়। গায়-
লৈ লৈ মতি
হা হা হা 
ৰৈ ৰৈ মতি হে
"ৰৈ ৰৈ মতি 
ৰৈ ৰৈ মতি 
তোমালোকৰ ঘৰলৈ 
সদায় যাব পাৰোঁ মই
যদি দিয়া মৰমৰ
যদি দিয়া মৰমৰ
এষাৰি মাত... "

খেলি যোৱাই খেলি যায়। খুহুতীয়া কথা পাতি হাঁহি-খিকিন্দালি মাৰি যায়। টনাটনি খেলি যায়। ঢকুৱাত টনাটনি দৃশ্যলৈ মনত পৰি যায়। দৰা-কইনা হৈ যায়। দৰাৰ লগত ছাটি ধৰা সখীয়ো গৈ থাকে। ভূই ৰুই ৰুই যায়। গান গাই গাই গৈ থাকে। নাঙল, যুঁৱলি কান্ধত লৈ গৈ থাকে। কোনো কোনাৱে ভাওনাৰ ভাও দি দি গৈ থাকে। ছোৱালী বোৰে নাচি নাচি গৈ থাকে। একোজনীক বৰ মৰম লাগে জান? হাহাহাহাাহাহাহাহাহাহহা.... 
বোপাই---
ধন আগত
জন পিচত
কিবা এটাত মূৰটো গুজি ল
তোলৈ ঘৰৰ পাচোঁটাই চাই থকা নাই জানো? 
অ? 
আগৰ গৰু যিফালে
পিছৰ গৰু সেইফালে
কথাষাৰ বোপা-ককাই কোৱা। সাৰ কথা। 

  (৪) 

সত্ৰ কথা দেখুৱাই। সত্ৰখনৰ নাম লিখি লয়।বিভিন্ন জাতি জনগোষ্ঠী বা অংশগ্রহণ কৰোঁতে বিভিন্ন গান বাজানা বজায়। যিদৰে সুবিধা হয়। অংশগ্রহণ কৰি খুব ভাল লাগে। অতি আনন্দ মুহূর্ত। মই ভাবো এনে অনুষ্ঠানে জাতি জনজাতি ৰ ভাষা-কলা-সাহিত্য-সংস্কৃতিৰ প্ৰতি সম্প্ৰীতি গঢ়িব।মহামিলনৰ সেতু গঢ়িব। সংস্কৃতিৰ এনে দিশসমূহে বিশ্ববিদ্যালয় ৰ প্ৰেক্ষাপটত তুলি ধৰি  আন আন শ্ৰোতাইয়ো চাব পাৰিব। শিকিব পাৰিব। সম্প্ৰীতিৰ এনাজৰী টনটকীয়াও কৰিবলৈ সদ্দিচ্ছা ভাৱ পোষণ কৰিব। 
আৰু বহু দিশ আছে। 
মাজে মাজে থাকি গৈছে ন
সকলো মনত নাথাকে নহয়
নাথাকিবও
বাৰু
পাছে পৰে কম।
 মোৰ নেট /জে.আৰ.এফ.একজাম আছে। পাছ কৰিব লাগিব। এম. এ পাছ কৰাৰ পিছত নেট/শ্লেট পাচ কৰিলেহে কলেজত এপ্লাই কৰিব পাৰিব। ই এক লং প্ৰচেছ। মুখতে ক'বলৈ ভাল। 
কি ভাল
কলেজৰ শিক্ষক
কি হ'ল
কয় নহয়
কি কয়
কোনে কয়
এচামে 
চহী এটা কৰিয়েই লাখ লাখ টকা পাই। ক্লাচ এটা কৰিয়েই হাজাৰ হাজাৰ টকা কামায়। এইবুলি। নাজানিবও পাৰে। কিছু কথা।নাজানিলে  মনে কাণে থকাই ভাল।প্ৰত্যেক ফিল্ডতে উজু বুলি একো নাই। কষ্ট কৰি পায়। 
টকা দিও পায়। আগতে "যাচি দিয়া সোণৰ মূল্য নাই" ৰ দৰে ঘৰতে দিলেও নাযায়। ঘৰৰ মানুহে নপঠায়। মৰিব হজিব বুলি। ঘৰতে কেকুৰা নাঙলৰ কুতিতে ধৰ। বোপাই। চকুৰ আগত হ'লে মনৰো আঁতৰ হয়। 
এম. ফিল/পিএইচডি কৰোঁতে কিমান কষ্ট হয়। 
কৰা সকলে অনুধাৱন কৰিব। 
ওপৰে ওপৰে কোৱাখিনিয়ে কি বুজিব। 
বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে। 
থ এতিয়া । নিজৰ কামত ধৰ।বাঘে লগা দি। নহ'লে যে ফিউচাৰ ফিউছ।


ক্ৰমশঃ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)