আছোঁ ৰৈ-শেৱালী গড়

©Admin
4
তুমি অহা বাটলে 
আছোঁ আহি ৰৈ,
চাই থাকোঁ ক্ষণে-অতিক্ষণে
পদুলিৰ বাট মুখলৈ।

ফুল এপাহ হাতত লৈ
হিয়াই-হিয়াই,
দুচকু নয়নে- বিচাৰি যায়
এবাৰ চোৱাৰ হেঁপাহ লৈ।

নেদেখাত জানো কিয়?
বুকুত হেঁচা মাৰি ধৰে!
হেজাৰ সপোন সাঁচি লওঁ
মন আশীষৰ বনত।

তুমি আহিবা বুলি
ৰাখিছোঁ সযতনে,
নঠঙা হৃদয়ৰ বননিত
এপাহি কুসুম।

তুমি আহি জিৰাবা বুলি
মেলিলোঁ শেৱালি ফুল
আশা, বাসনাৰ ৰঙীন সপোন সাঁচি,
আছোঁ আহি ৰৈ
তোমাৰ পদুলিৰ বাট মুখলৈ।

Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. Great 👍👍 keep it up dear 💐💐

    ReplyDelete
  2. 😊😊😊... তোমাৰ কবিতাটো পঢ়ি পঢ়ি নিজকে কবি কবি লাগিছে...
    কেইবাবাৰো পঢ়িলো ... 👌👌👌

    ReplyDelete
  3. শেৱালী... তোমাৰ এই কবিতাটো সাঁচি থলো... 😊😊😊

    ReplyDelete
Post a Comment