লগপাম এদিন আপোনাক- চিন্ময় বৰা

Rinku Rajowar
0
নাজানো কেতিয়া কিন্তু
কেতিয়াবাটো লাগ পাম আপোনাক, 
সেই দিনাৰ পৰাই মোৰ হৃদয়ৰ বাগিছাত
ফুল ফুলিব আপোনাৰ নামৰ, 
 সপোন জাগিব আপোনাৰ বাবে
মোৰ বুকুৰ ঠিক সোঁমাজত, 
আপোনাৰ আগমনত মোৰ হৃদয়ে
মোৰ অজ্ঞাত সাৰেই কবিতা লিখিব
আপোনাৰ নামত। 
বুজিছে?
আপুনি আহিলেই আধা মৰা জীৱনটোও
সুখত পুনৰ জী উঠিব, 
মাত্ৰ আপোনাৰ অপেক্ষাত বৰ্তমান মই
মোৰ 'প্লেলিষ্টৰ' প্ৰিয় গানটোৰ সৈতে... 
"एक दिन आप यूं हमको मिल जाएंगे
 फूल ही फूल राहों में खिल जाएंगे
 मैंने सोचा न था.. 
एक दिन ज़िंदगी इतनी होगी हसीं 
झूमेगा आसमां, गाएगी ये ज़मीं
 मैंने सोचा न था.. "

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)