কিয় যে নিতৌ সলনি হয়
তোমাৰ ৰূপৰেখা !
কেতিয়াবা যদি
গছে-বনে কুলিৰ মাতে
আমাক তোমাৰ প্ৰেমত মুগ্ধ কৰে ৷
আকৌ কেতিয়াবা খৰাঙত
প্ৰখৰ ৰ’দে নগ্নপ্ৰায় কৰে ৷
আকৌ কেতিয়াবা যে
অতিমাত্ৰা ঠাণ্ডা সেয়া কিয় ?
কেতিয়াবা যদি ধুমুহাৰ তাণ্ডৱ ৷
সম্প্ৰীতিৰ ভাবেৰে আকৌ
কেতিয়াবা হৃদয় জোৰোৱা
মৃদু বতাহে মনটোক
ৰসিক কৰি তোলে ৷
মোৰ অশান্ত মনলৈ যে
সদায় এটি প্ৰশ্নৰ উদ্বেগে
ঢৌ তোলে যে তুমিয়েই তোমাৰ
শোভা বৰ্দ্ধন আৰু কৰ্তন কৰা কিয় ,
সদায়ে ন কইনাৰ দৰে সাজি-কাচি
আছা যে তুমি প্ৰকৃতি কেনেনো তোমাৰ আকৃতি ?
আমাক এবাৰ কোৱা যদি !!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ