হে হৰি-ৰঞ্জিত শৰ্মা ৰাজ


বেলকনিত থিয় হৈ তৰাই ভাৱনাত বুৰ গৈ আছিল। তেনেতে মটৰ চাইকেলখন ৰোৱাত চকুযোৰ সেইফালে গৈয়েই আচম্বিত হৈ পৰিল ! এটাই মাথোঁ প্ৰশ্ন.. কোন সেই নাৰী? 

আজি বিয়া হোৱা দুবছৰ হ'ল অথচ মানুহজনক কোনো অন্য নাৰীকে মটৰ চাইকেলখনত উঠোৱা দেখা-শুনা নাই। কোন হ'ব পাৰে! মনত জাগি উঠিল হেজাৰটা প্ৰশ্ন! ধেমালিতে মাৰ ঘৰলৈ যাম বুলি আজি কোৱা কথাষাৰ  মানুহজনে বাৰু সঁচা বুলি ভাবিলে নেকি ?
ভাবি নাথাকিম নে অন্য নাৰী!
উফ্ নোৱাৰি দেই! তৰাৰ মনটোৱে মনা নাই। পিন্ধনত জিন্সপেন্ট টি-চাৰ্ট, কাণত কানফুল, কঁকাললৈ বৈ পৰা চুলি... খঙে চুলিৰ আগ পোৱা তৰা কোবাকোবিকৈ চ'ৰাঘৰ পালেগৈ। আজি চুলিত ধৰিহে যেন উলিয়াই আনিব। 

চ'ৰাঘৰত সোমায়েই তৰাৰ মুখেৰে আপোনা-আপুনি ওলাই গ'ল, "হে হৰি! ব্ৰজেন হে। দীঘল চুলি কানত কাণফুলি... ছোৱালী বুলি হে ভাবিছিলোঁ।" 

✍️ৰঞ্জিত শৰ্মা ৰাজ
ছিপাঝাৰ (দৰং)

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send