জীৱনক Control কৰক- হেমেন হাজৰিকা

Rinku Rajowar
0
আমাৰ জীৱনটোক আমি আমাৰ আয়ত্বত ৰাখিবলৈ নিৰন্তৰ চেষ্টা কৰিব লাগিব । জীৱন মানেনো কি ,
    জন্মৰ মুহুতৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈ এই যে ক্ষন্তেকীয়া সময়খিনি আমি উশাহ-নিশাহ লৈ জীয়াই চলা ফুৰা কৰি আছো , ঠাইতো ফুৰিছো ইটো সিটো কৰিছোঁ এয়াই জীৱন ।
    জীৱন টো আমি যাপন নহয় উদযাপন কৰিব লাগে । আমি পৃথিবীলৈ কি কৰিবলৈ আহিছিলোঁ , জীয়াই থাকিব আমি  কৰিবলৈ বাঞ্ছা কৰা কামখিনি কৰিব পাৰিলোনে যদি নোৱাৰিলোঁ কিয় নোৱাৰিলোঁ, নিশ্চয় ইয়াৰ অন্তৰ্নিহিত কিবা কাৰণ আছে ।
    জীৱনত ভয় কৰিব লগীয়া একোৱেই নাই । এতিয়া জীৱনক বুজাৰ সময় । তাতে আমি ভয় কমকৈ কৰো ।
      আমি আমাৰ জীৱনটোক Control কৰিব লাগে নহ'লে জীৱনে আমাক Control কৰিব । পৃথিৱীখন কেৱল মোৰ বাবে নহয় । মোৰ যিমান অধিকাৰ আছে ঠিক আনৰো সিমানে ই অধিকাৰ আছে । সকলোৰে সম অধিকাৰ । ইয়াত মোৰ প্ৰভূত্ব নচলে । কাৰণ পৃথিৱীখন কাৰো স্থায়ী সম্পত্তি নহয় । আমি ইয়াৰ আলহীহে ।
     কোনেও ইয়াত নিজৰ ইচ্ছা অনুযায়ী থাকিব নোৱাৰে । আমি কৰ পৰা আহিছোঁ সেয়া আমাৰ ভাৱনাৰ বাহিৰত আৰু ক'লৈ যামগৈ সেয়া ও আমি নাজানো । তেন্তে সকলো জানিও , সকলো বুজিও আমি একো নজনা ৰ ভাও দিওঁ কিয় যদি আমি নিজক control য়েই কৰিব নোৱাৰোঁ কোনোবা অদৃশ্য কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চলাফিৰা কৰিব লাগে  তেন্তে ইমান দম্ভ অহঙ্কাৰ কিয় মই বৰ ভাল কিয় 
   আমি জীয়াই থকা দিন কেইটা ত বিভিন্ন পৰিকল্পনা কৰো । আনে ভাল হোৱা বুলি ক'ব পৰাকৈ ঘৰ সাজিম । এখন বিলাসী গাড়ীত উঠি ফুৰিম । ল'ৰা ছোৱালীক ভাল school ত পঢ়ুৱাম । দামি সাজ পোছাকেৰে নিজক সজাম, ইত্যাদি ইত্যাদি । কিন্তু আমি নিজে ইমান বছৰ মানে কিবা এটা সংখ্যা বছৰ জীয়াই থাকিম বুলি পৰিকল্পনা কৰিব পাৰিমনে, যদি নোৱাৰোঁ কিয়নো নোৱাৰোঁ জীৱনটো মোৰ তেন্তে মোৰ ইচ্ছা মতে কিয় জীয়াই থাকিব নোৱাৰোঁ ।
   নিজে ১৫০ বছৰ জীয়াই থাকিম বুলি এক বিস্তৃত পৰিকল্পনা কৰিছিল বিখ্যাত গায়ক সঙ্গীতজ্ঞ মাইকেল জেকচনে । মাইকেল জেকচনৰ  নাম নুশুনা মানুহ নিশ্চয় নোলাব । তেখেতক নিৰন্তৰ পৰিচৰ্যা কৰিবৰ কাৰণে সম্পূৰ্ণ নিজা খৰছত কেইবাগৰাকীও ডাক্টৰ নিয়োগ কৰি ৰাখিছিল । ডাক্টৰ সকলে সদায়েই জেকচনৰ মূৰৰ চুলিৰ পৰা ভৰিৰ নখলৈকে ভালদৰেই পৰিচৰ্যা কৰিছিল । খোৱা বোৱা সকলোতে নজৰ ৰাখিছিল, তথাপিও কিন্তু জেকচন মাত্ৰ ৫০ বছৰ বয়সতে শেষ নিশ্বাস ত্যাগ কৰিছিল ।
যিজন পুৰুষে ১৫০ বছৰ জীয়াই থাকিম বুলি পৰিকল্পনা কৰি ঘৰতে ১২জন চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰাইছিল, মুখত মাক্স পিন্ধি ছিল ডাক্টৰৰ পৰামৰ্শ অবিহনে লৰচৰ নকৰিছিল সদায়েই নিয়মীয়াকৈ ব্যায়াম কৰিছিল সেইজন মানুহৰ ২০০৯চনৰ ২৫জুন তাৰিখে মৃত্যু বৰণ কৰিছিল । ১৫০ বছৰ জীয়াই থাকিম বুলি আশা কৰা সপোন টো আধৰুৱা হৈছিল ।
মৃত্যূক Challenge দিবলৈ গৈ Challengeৰ ওচৰত হাৰি গৈছিল । সজোৱা পৃথিৱীৰ, সজোৱা জীৱন স্বাভাৱিক মৃত্যুৰ সলনি সজোৱা মৃত্যুকেই আলিঙ্গন কৰিছিল । এইটোৱেই নিয়ম । কিহৰ ইমান অহঙ্কাৰ ।
    কিহৰ বাবে গৰ্ব এই জীৱন টো লৈ । এদিন শূন্য হাত খালি ভৰিৰে তাল লাগিব মৃত্যুৰ পৰ্যায়লৈ । 
     জীৱন সোণোৱালী ধুনীয়া ঘৰ বাৰী, চিৰদিন নাথাকে, এদিন নহয় এদিন মৰিব লাগিব মাটিতে মিহলি হৈ ।
  আপুনি ভাৱে নেকি যে আপোনাৰ অবিহনে আপোনাৰ সন্তানে উন্নতি কৰিব নোৱাৰিব, তাৰবাবে সিহঁতৰ কাৰণে অতিৰিক্ত Savings কৰাটো ইমানেই প্ৰয়োজন নেকি আপোনাৰ মাহিলী আয়ৰ ৫ শতাংশ বাৰু নিজৰ আনন্দৰ স্ফূৰ্তিৰ বাবে ব্যয় কৰেনে ? 
     আমি অৰ্থ উপাৰ্জনৰ লগতে জীৱনৰ আনন্দ কিয় পোৱা নাই নিজৰ আনন্দৰ বাবেহে সময় দিয়ক । আমি কোনেও কোনো সম্পত্তিৰ মালিক নহয় । কেৱল কিছুমান কাগজ পত্ৰত অস্থায়ী ভাৱে আমাৰ নামটো লিখা থাকে
যেতিয়া আমি কও এই ঠাইৰ মালিক মই, ভগৱানে মিচিকিয়াই হাঁহে । কাৰোবাৰ বিলাসী গাড়ী, দামী পোচাক দেখি তাৰ ওপৰত বিচাৰ নকৰিব ধনী হোৱাটো অপৰাধ নহয় । কেৱল মাত্ৰ অৰ্থৰ বাবে ধনী হোৱাটো অপৰাধ । জীৱনক Control কৰক নহ'লে জীৱনে এদিন আপোনাক control কৰিব গতিকে আমি বাৰু বুলিও নুবুজা নহয় । মাত্ৰ কেইটামান টকাৰ কাৰণে মৰা মৰি কটা কটি কৰো কিয় কৰো আমি এনে বোৰ কাম শেষত মনত পৰিল গানৰ এটি কলিলৈ
  জীৱনৰ ৰঙবোৰ ক'তেনো হেৰাই গ'ল , নাজানিলো কিয় এনে হ'ল বুজিও যে নুবুজো মই ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)