দুখ নকৰিবি আই
ত'ৰ কষ্ট দেখি চুকুলা পানী অলাই ,
ল'কৰ ঘৰত ধান - চাউল জাৰি
পথাৰে , পথাৰে ৰোৱনী - দাৱনী হৈ
কেমেন খোৱাবি আৰু ল'কৰ কেথা-কানি ধুই ।
ভাইটোকে চাবি , ইচ্কলত পথাবি
লিখা- পঢ়া শিকাই মাষ্টৰ বাবু কৰিবি ।।
দিম্বকায়ে লগ ধৰিলা
আহিলং গুচি ,
আমাক খোৱাই তই থাক লঘ'নে
ৰাতি তই পেটৰ ভ'খত
পানীকে ঢক্ ঢক্ কে গিল
পিতাইটোৱে আধা পেটি হৈ
ইচাট্ - বিচাট্ কৰি ভাগৰৰ টোপনি মাৰেই ,
উপায় নাপাং , কপালকে ধিয়াং ।
দিম্বকাইক, ম'ক গালি নাপাৰিবি
জানইচোন -- তাৰ আছে এহাল ম'হ
খেতি কৰিম, হাল বেচিম
ময়ো হম ৰোৱনী দাৱনী
ভখৰ ভাত মুঠি হব মুকুলি ।
আই -- দুখ নকৰিবি
ৰাইজৰ দায় - দণ্ড ভাঙি
ঘৰতে যাম -- ৰুই থৈ আহিম ৰ’
কখৰ মাটি বিঘা
তহঁতে আকৌ নিদিবি বন্ধকত ।
শাহু আয়ে বৰ মৰম কৰেই
ত'ৰ দৰে সৰহকে খাবাও দেই
ভাতৰ সজাটি দেখিলে তক, পিতাইক
বাবাটোক বৰকে মনত পৰেই
কান্দিবাই পাং ,
ভখ্ গোছাই ভাত খাবা পাইছনা আই ? ?
গোভাবাসীৰ কথিত ভাষাৰে
আহিলং-- আহিলো, ব'ৱাৰী--বোৱাৰী ,গ'ভা বিহু--গোভা বিহু , চুকুলা পানী --চকুৰ পানী , অলাই - ওলাই , কেমেন - কিমান , কখৰ-- কাষৰ , পাং-- পাওঁ , ভখ্--ভোক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ