মৃত্যু দুটা আখৰেৰে গঠিত
যি পলকতে কাঢ়ি লৈ যায়
সকলো সুখ শান্তি
মৃত্যুক জানো কোনোবাই
ধৰো বুলি ধৰি ৰাখিব পাৰে
ই যে এক চিৰন্তন সত্য।
জন্ম হ'লে এদিন মৃত্যুক
আকোঁৱালি লবই লাগিব
মৃত্যু যে অনিবাৰ্য
নীৰৱে আহে মৃত্যু.......!
তোমালোকৰ মৃত্যুৱে
আজি উকা কৰিলে
আমাৰ মনবোৰ.....
তোমালোকৰ মৃত্যুক সহজ ভাবে
মানি ল'ব পৰা নাই
সমাধিস্থ হৈ গলা তোমালোক
দুয়ো একেলগে মৃত্যু শয্যাত
হাউলি পৰিলা ,নীৰৱে শুই পৰিলা
দুয়ো নিয়তিৰ কোলাত।
তোমালোকৰ সৈতে কটোৱা দিনবোৰ
মোৰ বাবে সদায়
মধুৰ স্মৃতি হৈ ৰ'ব
এতিয়া মৰমতে তোমালোকক
এনাই আৰু দদৌ বুলি
মাতিবলৈ তোমালোক কাষত নাই
তথাপিও মোৰ হৃদয়ত
সদায় তোমালোক থাকিবা
চাৰিওফালে মাথোঁ বেদনা
তোমালোক য'তেই আছা
শান্তিত থাকা। ...........!