আঘোণ-চিন্ময় ডেকা

Rinku Rajowar
0
সোণালী পথাৰত
নীলা-নীলা আকাশ
সুৰুজৰ কোমল পৰশত
জিলিকি উঠে,
সেউজীয়া সপোন।
হালধীয়া আবেগে লৈ,
আহিছে সোণালী আঘোন।
মোৰ চকুৰ মণিত মাথোঁ তাৰেই ছবি।
আঘোণ পুৱাৰ নিয়ৰতে গজালি মেলে
ভালপোৱাৰ বীজবোৰ,
অংকুৰিত হয়;
হৃদয়ৰ মাজত।
নীলা আকাশত উৰি ফুৰা
বগলীৰ জাকটি,
চাই চাই;
হেপাঁহ নপলায়।
কিজানিবা বতৰা লৈ আহিছে বুলি,
অস্ত যোৱা বেলিৰ পোহৰতে গোপনে ৰাখো
আশা-নিৰাশাৰ অজস্র সম্ভাৰ।

✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)