বসন্ত- মধুকৃষ্ণা দেউৰী শিলপনীয়া

©Admin
0
    পদুলিত সৰাপাতৰ খৰমৰনি
বুকুত ব্ৰজসম ধপ্ ধপনি।

সপোন হৃদয়ত উচুপি ৰয়
তুমি অহাৰ বাট'লৈ চাই।

সপোনে ৰাতিৰ বুকুত বৰকৈ চট্ ফটাই
আকাশত তৰা ফুলে মিচিকিয়াই।

সপোন বোৰ উফৰি পৰে নিৰাশাত
সময়ৰ আন্ধাৰ কোঠলিত।

বাট'লৈ চাই ভাগৰি পৰা মনটোৱে
সপোন বোৰক জুখিয়াই বুটলে।

তুমি অহাৰ বাটত ৰংবিৰঙৰ
সপোনৰ ফুলবোৰ চটিয়াই লোৱাৰ,
তোমাৰ খোজৰ পৰশত জীপাল হোৱাৰ
প্ৰাপ্তিৰে মন ভৰাই উপচাই লোৱাৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)